• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > দুদিনীয়া অসম ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী
National

দুদিনীয়া অসম ভ্ৰমণসূচীৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী

CliQ INDIA
Last updated: December 20, 2025 7:55 am
CliQ INDIA
Share
3 Min Read
SHARE

অসমত প্ৰায় ১৫,৬০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব

নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন

গুৱাহাটী, ১৯ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ২০-২১ ডিচেম্বৰত অসম ভ্ৰমণ কৰিব। ২০ ডিচেম্বৰৰ আবেলি প্ৰায় ৩ বজাত প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শনেৰে ইয়াৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

ইফালে ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পাছতে তেওঁ অসমৰ ডিব্ৰুগড়ৰ নামৰূপলৈ গৈ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰিব। তেওঁ লগতে ইয়াত সমবেতসকলক সম্বোধন কৰিব।

২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কাৰ্য্য অসমৰ যোগাযোগ ব্যৱস্থা, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বব্যাপী সংযোগৰ ক্ষেত্ৰত এক ৰূপান্তৰশীল মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

প্ৰায় ১.৪ লাখ বৰ্গমিটাৰত বিস্তৃত উক্ত নৱ-নিৰ্মিত সংহত নতুন টাৰ্মিনেল ভৱনটোক বছৰি ১.৩ কোটি যাত্ৰীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াক ৰাণৱে’, এয়াৰফিল্ড চিষ্টেম, এপ্ৰন আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণেৰে সমৃদ্ধ কৰা হৈছে।

ভাৰতৰ প্রথমটো প্রকৃতি-বিষয়ক বিমানবন্দৰ টার্মিনেল হিচাপে নতুন টাৰ্মিনেল ভৱনত “বেম্ব’ অৰ্কিড” বিষয়বস্তুৰ অধীনত অসমৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটিছে। টাৰ্মিনেলটোত উত্তৰ-পূৰ্বাঞ্চলত স্থানীয়ভাৱে উপলব্ধ প্ৰায় ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে। ইয়াৰে কাজিৰঙাৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, জাপি আকৃতি, মোহনীয়া গঁড়ৰ প্ৰতীক আৰু কপৌ ফুলক প্ৰতিফলিত কৰা ৫৭ বিধ অৰ্কিড-আধাৰিত স্তম্ভ সংস্থাপন কৰা হৈছে। প্ৰায় এক লাখ থলুৱা প্ৰজাতিৰ উদ্ভিদেৰে এক অনন্য “স্কাই ফৰেষ্ট”-এ ইয়াৰ যাত্ৰীসকলক এক গভীৰ, অৰণ্য-সদৃশ অভিজ্ঞতা প্ৰদান কৰিব।

টাৰ্মিনেলটোৱে যাত্ৰীসকলৰ সা-সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। দ্ৰুত, নন-ইন্ট্ৰাছিভ চিকিউৰিটি স্ক্ৰিনিঙৰ বাবে ফুল-ব’ডি স্কেনাৰ, ‘ডিজিযাত্ৰা’-চালিত কন্টেক্টলেছ ট্ৰেভেল, স্বয়ংক্ৰিয় বেগেজ পৰিচালনা, ফাষ্ট-ট্ৰেক ইমিগ্ৰেচন আৰু এআই-চালিত এয়াৰপ’ৰ্ট অপাৰেচনে নিৰৱচ্ছিন্ন, নিৰাপদ আৰু ফলপ্ৰসূ যাত্ৰা নিশ্চিত কৰিব।

আনহাতে ২১ ডিচেম্বৰৰ পুৱা নামৰূপলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ দৰ্শন কৰিব। ইয়াত তেওঁ এখনি বিদেশী-মুক্ত অসম আৰু ৰাজ্যখনৰ পৰিচয় ৰক্ষাৰ সামূহিক সংকল্পক মূৰ্ত কৰা ছবছৰীয়া জন আন্দোলন, ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (বিভিএফচিএল)-ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব।

প্ৰধানমন্ত্ৰীৰ কৃষকৰ কল্যাণ সাধনৰ দৃষ্টিভংগীক আগুৱাই নি ১০,৬০০ কোটি টকাৰো অধিক আনুমানিক বিনিয়োগ সাপেক্ষে স্থাপন কৰিবলগীয়া প্ৰকল্পটোৱে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস, যথেষ্ট নিয়োগ সৃষ্টি কৰিব আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব। প্ৰকল্পটো ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষক কল্যাণৰ মূল স্তম্ভ হিচাপে পৰিগণিত হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

সৰ্বানন্দ সোণোৱালৰ লাল কৃষ্ণ আদৱানীক সাক্ষাৎ
পাকিস্তানৰ কাৰাগাৰত বন্দী পশ্চিম বংগৰ মাছমৰীয়াৰ মৃত্যু
পঞ্জাৱত গেংষ্টাৰ জগু ভগুনপুৰীয়াৰ মাতৃ আৰু সহযোগীক হত্যা
নরেন্দ্র মোদী তামিলনাডুতে ডিএমকে শাসনকে লক্ষ্য করে যখন বিজেপির গ্রাসরুট শক্তি আর রাজনৈতিক ভূমিকা প্রদর্শন করে
ইতিহাসৰ পৃষ্ঠাত ১২ ডিচেম্বৰঃ ১৯১১ চনত সলনি হৈছিল দেশৰ ৰাজধানী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালৰ সংসদ পুনৰ বাহালৰ দাবী, সাংসদৰ স্বাক্ষৰ লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সাজু
Next Article উচ্ছেদৰ দাবীৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ ফেলাংপিত আমৰণ অনশনেৰে প্ৰতিবাদ সাব্যস্ত মহিলাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?