
তামুলপুৰ, ১৯ ডিচেম্বৰ (হি.স.): ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম (Indian National Congrss, Assam) নামৰ ফেচবুক পেজৰ বিৰুদ্ধে দাখিল কৰা এজেহাৰ ভিত্তিত এজন লোকক আটক কৰা হৈছে। ৰাজহুৱা সভাত মঙ্গল বড়ো নামৰ ব্যক্তিজনৰ লগত ফটো উঠিছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মঙ্গল বড়োৱে শৰীৰত লিখিছিল ‘জয়ন্তমল্ল বৰুৱা জিন্দাবাদ’। পৰৱৰ্তী সময়ত ফটোখন কৰা হৈছিল বিকৃত। পেজৰ এডমিন আৰু অবাইচ অশ্লীল কমেন্ট কৰা দুস্কৃতিকাৰীৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰিছিল বড়োই।
শুৱাগপুৰ আৰক্ষী চকীত এজেহাৰ দাখিল কৰে গোৰেশ্বৰৰ ২ নং জলঠেংপাৰাৰ মঙ্গল বড়োৱে । মন্ত্ৰীগৰাকীৰ সৈতে মঙ্গল বড়োই উঠা ফটোত পেজৰ এডমিনে জয়ন্ত মল্ল বৰুৱা গৰুচোৰ বুলি বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ গীৰ গাই নে দেশী গাই বুলি সামাজিক মাধ্যমত প্ৰশ্ন কৰি মানুহৰ ফটো বিকৃত কৰাৰ অভিযোগ কৰে মঙ্গল বড়োৱে। শীঘ্ৰে দুষ্কৃতিকাৰীক কৰায়ত্ত্ব কৰি শাস্তি প্ৰদান দাবী কৰিছিল মঙ্গল বড়োৰ। আৰক্ষীয়ে বড়োৰ এজেহাৰৰ ভিত্তিত যুমুনামুখ সৰুপথাৰপৰা আটক কৰে কুটুবুদ্দিন লস্কৰ নামৰ লোকজনক।যোৱা কালি নিশা যুমুনামুখ থানাৰ সহযোগত গোৰেশ্বৰ থানাৰ আৰক্ষীয়ে আটক কৰে লস্কৰক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
