
মৰিগাঁও, ১৯ ডিচেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ জাগীৰোডৰ মাজমজিয়াত পত্নীৰ প্ৰহাৰত স্বামীৰ মৃত্য়ু হোৱাৰ ঘটনা সংঘটিত হৈছে। ধন, সম্পত্তিৰ বাবেই পত্নীয়ে গিৰিয়েকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। স্বামী হত্যাকাৰী পত্নীৰ নাম হালিমা খাতুন বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে দুদিন পূৰ্বে পত্নী হালিমা খাতুনে স্বামী জালাল উদ্দিনক বেয়াকৈ প্ৰহাৰ কৰে আৰু মুমূৰ্ষ অৱস্থাত চোচৰাই ঘৰৰ বাহিৰ কৰি দিয়ে। পাছত জালাল উদ্দিনক পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত্যু হয় জালাল উদ্দিনৰ । এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি জালাল উদ্দিনৰ আত্মীয়ই থানাত এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী হালিমা খাতুনক গ্ৰেপ্তাৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
