নতুন দিল্লী, ১৮ ডিচেম্বৰ (হি.স.)। বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটিৰ অনুকৰণীয় ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ বুধবাৰে গভীৰ নিশা দিল্লী-এনচিআৰৰ নয়ডাত থকা নিজৰ বাসগৃহত মৃত্যু হয়। বয়সৰ লগত জড়িত জটিলতাৰ সৈতে যুঁজি আহিছিল সুতাৰ। তেওঁৰ কালজয়ী সৃষ্টি চৰ্দাৰ বল্লভভাই পেটেলৰ বিশাল প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটি গুজৰাটত স্থাপন কৰা হৈছে।
আজি সংবাদ মাধ্যমৰ সৈতে শ্বেয়াৰ কৰা এটা বাৰ্তাত সুতাৰৰ পুত্ৰ অনিলে কয় যে, গভীৰ দুখেৰে আমি আপোনালোকক জনাইছো যে ১৭ ডিচেম্বৰৰ মাজনিশা মোৰ পিতৃ শ্ৰী ৰাম বঞ্জী সুতাৰে আমাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।
১৯২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰৰ ধূলে জিলাৰ গণ্ডুৰ গাঁৱৰ এটা সাধাৰণ পৰিয়ালত ৰাম সুতাৰৰ জন্ম হৈছিল। সৰুৰে পৰা ভাস্কৰ্য্য শিল্পৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল। মুম্বাইৰ জে জে স্কুল অৱ আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ পৰা স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পিছত তেওঁ এক দীঘলীয়া আৰু উল্লেখযোগ্য সৃষ্টিশীল যাত্ৰাত নামি পৰে যিয়ে ভাৰতীয় ভাস্কৰ্য্যক নতুন উচ্চতালৈ উন্নীত কৰে। নতুন দিল্লীৰ সংসদ পৰিসৰত স্থাপন কৰা ধ্যান ভংগীমাত মহাত্মা গান্ধী আৰু ঘোঁৰাত উঠি থকা ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি তেওঁৰ উত্তম ৰচনাৰ ভিতৰত অন্যতম।
১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত পদ্মভূষণ বঁটা লাভ কৰা ৰাম সুতাৰক শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ সৰ্বোচ্চ অসামৰিক বঁটা মহাৰাষ্ট্ৰ ভূষণেৰে সন্মানিত কৰা হয়। গুজৰাটৰ কেভাদিয়াৰ নৰ্মদা নদীৰ সমীপত অৱস্থিত একতাৰ মূৰ্তিটো দেশৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ নামত উচৰ্গা কৰা হৈছে। এই কামে তেওঁক বিশ্বব্যাপী স্বীকৃতি কঢ়িয়াই আনিছিল। এয়া ১৮২ মিটাৰ উচ্চতাত থিয় হৈ থকা বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি। ই ভাৰতৰ একতাৰ প্ৰতীক।
हिन्दुस्थान समाचार / অৰৱিন্দ
