নতুন দিল্লী, ১৫ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্য আছাম ট্ৰিবিউন গ্ৰুপৰ সম্পাদক তথা পৰিচালন সঞ্চালক পি.জি. বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে পি.জি. বৰুৱাৰ মৃত্যুত তেওঁ গভীৰভাৱে ব্যথিত। তেওঁ কয় যে সংবাদ মাধ্যমৰ জগতলৈ বৰুৱাৰ উল্লেখযোগ্য অৱদানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে বৰুৱা অসমৰ উন্নয়ন আগুৱাই নিয়াৰ লগতে ৰাজ্যখনৰ চহকী সংস্কৃতিক দেশ আৰু বিশ্বৰ আগত প্ৰচাৰৰ বাবে গভীৰভাৱে উৎসৰ্গিত। প্ৰয়াত সাংবাদিকগৰাকীৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰি মোদীয়ে কয় যে তেওঁৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ।
हिन्दुस्थान समाचार / অৰৱিন্দ
