ধুবুৰী, ১২ ডিচেম্বৰ (হি.স.): পৃথক কমতাপুৰ ৰাজ্য গঠন, ৰাজবংশী ভাষাক চৰকাৰী স্বীকৃতি প্ৰদান আৰু জনজাতিকৰণৰ দাবীক কোনো ধৰণৰ মৰ্যাদা প্ৰদান নকৰাত ধুবুৰীত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ নেতৃত্বই সংবাদমেল অনুষ্ঠিত কৰি অসমৰ দুৱাৰ মুখ ধুবুৰীত ৰে’ল পথ অৱৰোধৰ ঘোষণা কৰে। শান্তি চুক্তিৰ নামত আত্মসমৰ্পণ কৰা কেএলঅ’ৰ অধ্যক্ষ জীৱন সিংহ আৰু কেএনৰ অধ্যক্ষ ডি চি কোচক তিনি বছৰ ধৰি কোঠালিত আবদ্ধ কৰি ৰাখি ৰাজবংশী জাতিটোক কোনো ধৰণৰ মৰ্যাদা প্ৰদান নকৰাত এইবাৰ ১৬ ডিচেম্বৰৰ দিনা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ লগতে আক্ৰাছু, ইউজি আক্ৰাছু, কেপিপি, জিচিপিএ আৰু অন্যান্য ৰাজবংশী দল সংগঠনে ৰে’ল পথ অৱৰোধ কাৰ্য্যসূচী হাতত লৈছে।
এই ৰে’ল সংবাদ মেলত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰৰ কাৰ্যকৰ্তাসকলে জানিবলৈ দিয়া মতে এই ৰে’ল পথ অৱৰোধ অনিৰ্দিষ্ট কাল লৈ চলিব।অহা ১৬ ডিচেম্বৰত সমগ্ৰ অসমৰ লগতে অসমৰ দুৱাৰ মুখ ধুবুৰীতো চলিব ৰে’ল পথ অৱৰোধ কাৰ্য্যসূচী। অসমৰ লগতে পশ্চিমবংগ আৰু বিহাৰতো চলিব এই প্ৰতিবাদত।অনাগত দিনত চৰকাৰে দাবী সমূহ মানি নললে উত্তৰঃ পূৰ্বাঞ্চলৰ চিকেন নেক অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচী হাতত ল’ব বিভিন্ন দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
