
ধুবুৰী, ১২ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ৰে’ল ষ্টেচনৰ কাষত নকল সোণসহ এজন সৰবৰাহকাৰী আটক হয়। গৌৰীপুৰ আৰক্ষী আৰু ৪৮ বিএন চিআৰপিএফ বাহিনীয়ে চলাইছিল এই যৌথ অভিযান ।
আটকধীন সৰবৰাহকাৰী জন ডাঙ্গিৰচৰৰ নাছেৰ আলী বুলি পৰিচয় পোৱা গৈছে। সৰবৰাহকাৰীটোৰ পৰা ৬৫৭গ্ৰাম নকল সোণ জব্দ কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী জনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
