ওদালগুৰি, ০৯ ডিচেম্বৰ (হি.স.): ওদালগুৰিত যোৱা কালি সোমবাৰে বিয়লি পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এইবাৰ ট্ৰেক্টৰে মহতীয়ালে স্কুলীয়া ছাত্ৰক । ওদালগুৰিৰ গোলমা গাঁৱৰ সমীপৰ খাংখালাবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো।
দুৰ্ঘটনাত নিহত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মনোজ চৌহান (১২) নামৰ ছাত্ৰজন। চাইকেলেৰে বিদ্যালয়লৈ আহি থকা অৱস্থাত ট্ৰেক্টৰ খনে মহতিয়াই নিয়ে ছাত্ৰ জনক।দুৰ্ঘটনাৰ পিছতে ওদালগুৰি চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীসকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
