
টেল আভিভ, ০৭ ডিচেম্বৰ (হি.স.)। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ইজৰাইল আৰু হামাছে অতি সোনকালে যুদ্ধবিৰতি চুক্তিৰ দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিব। তেওঁ কয় যে এই পৰ্যায় আৰম্ভ হ’ব যেতিয়া হামাছে গাজাত থকা শেষৰজন ইজৰাইলী পণবন্দীজনৰ অৱশিষ্ট ইজৰাইলক গতাই দিব।
জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জৰ সৈতে যৌথ সংবাদমেলত নেতানিয়াহুৱে কয় যে গাজাৰ নিৰস্ত্ৰকৰণ আৰু হামাছৰ সামৰিক সামৰ্থ্য নিৰ্মূল কৰাকে ধৰি যুদ্ধবিৰতিৰ পৰৱৰ্তী পৰ্যায় মাহৰ শেষৰ ফালে আৰম্ভ হ’ব পাৰে।
২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণত নিহত ইজৰাইলৰ আৰক্ষী জোৱান ৰান গ্ৱিলি (২৪)ৰ অৱশিষ্ট হামাছৰ হাতত এতিয়াও আছে। তেওঁৰ মৃতদেহ ঘূৰাই অনা আৰু বিনিময়ত ইজৰাইলে ১৫ জন পেলেষ্টাইনীৰ মৃতদেহ ঘূৰাই অনাৰ ফলত যুদ্ধবিৰতি পৰিকল্পনাৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হ’ব।
কিন্তু হামাছে দাবী কৰিছে যে ইজৰাইলৰ সামৰিক কাৰ্যকলাপৰ দুবছৰৰ পাছত ধ্বংসাৱশেষৰ তলত পুতি থোৱা মৃতদেহৰ সন্ধান পোৱাটো কঠিন হৈ পৰিছে। ইজৰাইলে সংগঠনটোক ইচ্ছাকৃতভাৱে পলম কৰাৰ অভিযোগ উত্থাপন কৰি সকীয়াই দিছে যে যদিহে অতি সোনকালে সকলো অৱশিষ্ট ঘূৰাই নিদিয়ে তেন্তে পুনৰ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে বা মানৱীয় সাহায্য সীমিত কৰিব পাৰে।
পণবন্দী পৰিয়ালৰ এটা দলেও এক বিবৃতি প্ৰকাশ কৰি কয় যে, “ৰাণ গ্ৱিলিৰ অৱশিষ্ট ঘূৰাই নিদিয়ালৈকে পৰৱৰ্তী পৰ্যায় আৰম্ভ হ’ব নোৱাৰে।”
দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ অন্তৰ্গত গাজাত আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী নিয়োগ কৰা আৰু আমেৰিকাৰ নেতৃত্বত গঠিত আন্তঃৰাষ্ট্ৰীয় ব’ৰ্ডৰ তত্বাৱধানত অস্থায়ী পেলেষ্টাইন প্ৰশাসন গঠন কৰা।
এই পৰ্যায়টো কঠিন হ’ব বুলি স্বীকাৰ কৰি নেতান্যাহুৱে লগতে কয় যে তৃতীয় পৰ্যায়ত গাজাক উগ্ৰবাদমুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। তেওঁ কয় যে জাৰ্মানী, জাপান আৰু উপসাগৰীয় দেশসমূহত এইটো সম্ভৱ আছিল;গাজাতো এই কাম কৰিব পাৰি—যদিহে হামাছ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হয়।
চ্যান্সেলৰ মেৰ্জে ব্যাখ্যা কৰে যে ইজৰাইলৰ অন্যতম ঘনিষ্ঠ অংশীদাৰ হিচাপে জাৰ্মানীয়ে দ্বিতীয় পৰ্যায় কাৰ্যকৰী কৰাত সহযোগিতা আগবঢ়াইছে আৰু ইতিমধ্যে দক্ষিণ ইজৰাইলৰ আমেৰিকাৰ নেতৃত্বত থকা সমন্বয় কেন্দ্ৰলৈ বিষয়া প্ৰেৰণ কৰাৰ লগতে গাজাক মানৱীয় সাহায্য প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
