বাক্সা, ০৪ ডিচেম্বৰ (হি.স.)। বাক্সাৰ শালবাৰীত নেমু টেঙাৰ খেতিৰে কৃষি বিপ্লৱৰ সূচনা। প্ৰায় ২৪ বিঘা মাটিত নেমুটেঙাৰ খেতিৰে স্বাৱলম্বী শালবাৰীৰ চমুৱাগাতিৰ নয়ন বসুমতাৰীৰ। বছৰি ৭ ৰ পৰা ৮ লাখ টকা উপাৰ্জনৰ লক্ষ্য নয়ন বসুমতাৰীৰ।
তিনি বছৰ পূৰ্বে নিজৰ খেতি মাটিত ৰোপন কৰিছিল নেমু টেঙাৰ পুলি। সম্প্ৰতি ৰাজ্যৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰিছে উৎপাদিত নেমু টেঙা।
বৰপেটা, গুৱাহাটী, শিলচৰলৈও নয়ন বসুমতাৰীয়ে ৰপ্তানি কৰিছে নেমুটেঙা। আনকি কেইবাজনো ব্যক্তিক সংস্থাপন দিবলৈও সক্ষম হৈছে নয়ন বসুমতাৰীয়ে। শেহতীয়াভাৱে প্ৰতি পোন নেমু দুশ টকা দৰত বিক্ৰী কৰি আহিছে নয়ন বসুমতাৰীয়ে। চৰকাৰী সাহাৰ্য্য অবিহনে নিজৰ জেপৰ ধন খৰচ কৰি আৰম্ভ কৰিছিল এই নেমু টেঙাৰ খেতিদৰা।
অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে নয়ন বসুমতাৰী। ইফালে বৃহত্তৰ গাতি অঞ্চলত আন বহুতো নেমু খেতিয়কে নেমু খেতি কৰি স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাখি ধৰি আহিছে। উল্লেখ্য যে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গাতি অঞ্চলত সৰ্বাধিক উৎপাদন হয় ৰাজ্যৰ জাতীয় ফল নেমু। কিন্তু আজিলৈকে অঞ্চলটোত স্থাপন নহ’ল এটি শীতলীকৰণ ভাণ্ডাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীতলীকৰণ ভাণ্ডাৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিও পালন নকৰাত অঞ্চলটোৰ কৃষকসকল হতাশ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
