গুৱাহাটী, ০৪ ডিচেম্বৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে চুৰিৰ গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
বশিষ্ঠ আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গুৱাহাটীৰ বিভিন্ন অঞ্চলত চুৰি কাণ্ডৰ লগত জড়িত এটা চক্ৰৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে।
ধৃত চোৰ দুটা কামৰূপ গ্ৰাম্য জিলাৰ হাজো নিবাসী আব্দুল লতিফ, আতিকুৰ ৰহমান আৰু আৰু দক্ষিণ গাঁৱৰ মাকিবুল ইছলাম ওৰফে এফ মুকু বুলি জানিব পৰা গৈছে।
ধৃত চোৰৰ পৰা চুৰি কাণ্ডত ব্যৱহৃত এখন বাহন জব্দ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ হোৱা তিনি চোৰক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
