
জাকাৰ্টা (ইণ্ডোনেছিয়া), ০৩ ডিচেম্বৰ (হি.স.): শেহতীয়াকৈ অহা ঘূৰ্ণীবতাহৰ ফলত ইণ্ডোনেছিয়াৰ সুমাট্ৰা দ্বীপত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ভয়াৱহ বানপানী আৰু ভূমিস্খলনে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে কমেও ৭১২ জন লোকৰ মৃত্যু হৈছে, আৰু ৪০২ জনতকৈ অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে। উত্তৰ সুমাত্ৰা, পশ্চিম সুমাট্ৰা, আৰু আচে প্ৰদেশত এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ আটাইতকৈ বেছি। এই দুৰ্যোগৰ মূল কাৰণ আছিল প্ৰচণ্ড বৰষুণ আৰু পৰৱৰ্তী সময়ত দুটা বিৰল গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ ফলত হোৱা ভূমিস্খলন।
দ্য জাকাৰ্টা পোষ্ট কাকতৰ মতে, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ নেতৃত্বত সেনা, আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ আছে। বহু ঠাইত দলং আৰু পথ ভাঙি ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হোৱাত দল-সংগঠন বাধাগ্ৰস্ত হৈছে। লাখ লাখ লোক গৃহহীন হৈ খাদ্য-পানী বিচাৰি হাবাথুৰি খাই পৰিছে। ইণ্ডোনেছিয়াত যোৱা কিছু বছৰত সংঘটিত হোৱা অন্যতম মাৰাত্মক প্ৰাকৃতিক দুৰ্যোগ।
ক্ষতিগ্ৰস্ত প্ৰদেশসমূহৰ প্ৰতিনিধি আৰু বিষয়াসকলে কয় যে তেওঁলোকে অকলে এই সংকট চম্ভালিব নোৱাৰে। তেওঁলোকে লক্ষ্য কৰে যে দুৰ্যোগৰ সাত দিনৰ পাছতো বহু গাঁও দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈয়েই আছে। এই ধ্বংসলীলা সন্দৰ্ভত সাংবাদিকৰ সৈতে কথা পাতি থাকোঁতে আচেহৰ গৱৰ্ণৰ মুজাকিৰ মানফে চকুলোৰে ভাঙি পৰে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ান্টোৰ প্ৰশাসনে বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা যথেষ্ট ক্ষতিৰ কথা স্বীকাৰ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
