ধেমাজি, ০২ ডিচেম্বৰ (হি.স.)। সম্প্ৰতি আঘোনৰ বতৰত কৃষকে কঠোৰ পৰিশ্ৰমৰে কৰা খেতিডৰাৰ পৰা সোণগুটি চপোৱা সময়। সেয়েহে আঘোনৰ সোণোৱালী ধাননি পথাৰত দাৱনিৰ উখল- মাখল পৰিৱেশ বিৰাজ কৰিব ধৰিছে। ধেমাজিৰ কৃষি পথাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।
ধেমাজিৰ গোগামুখৰ পথাৰত সমূহীয়াভাৱে ধান চপোৱাত নাম পৰিছে জাকে – জাকে মহিলা । পথাৰৰ সোণোৱালী ধান চপোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিজন কৃষক । আজি পুৱাই জাকে- জাকে মহিলাই কাচিলৈ সোণোৱালী পথাৰত ধান চপোৱাত নামি পৰা দেখিবলৈ পোৱা গৈছে।
ধেমাজি জিলাৰ গোগামুখ মইনাপৰা দীঘলী পথাৰত এই দৰে জাকে- জাকে মহিলা পুৱাই উলাই আহিল পথাৰত ধান চপোৱাত ব্যস্ত হৈ পৰিছে। পথাৰত দাৱনিয়ে কাচিৰ শব্দ, মুখত ঐনিতম সুৰত ৰজন জনাইছে পথাৰসমূহ । এইসকল দাৱনিয়ে চপাইছে বিঘাই- বিঘাই ধান ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
