শোণিতপুৰ, ০১ ডিচেম্বৰ (হি.স.)। ৰঙাপৰাত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত এজন আহত হয় ৷ ৰঙাপৰাত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷ ৰঙাপৰাৰ পৰা এএচ ১২ এএন ৪০১৯ নম্বৰৰ মটৰ চাইকেলেৰে নিজ গৃহ হাৰচুৰা লৈ গৈ থকা সময়ত কোনো অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত হাৰচুৰা চাহ বাগিচাৰ ১ নং লাইনৰ যুৱক দিপক তাচা নামৰ যুৱক জন নিহত হয় ৷
আনহাতে বাহন খনত থকা আন যুৱক ক্ৰমে ৰাকেশ গোৱালা গুৰুতৰভাৱে আহত হয় ৷ আহত যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
