নগাঁও, ০১ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ফাকালি জ্ঞান বিকাশৰ ওচৰত কালি নিশা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত নিহত হয় তিনিজন লোক । ৰূপহীৰ পৰা বালিকা অভিমুখে আহি থকা মটৰ চাইকেল দুৰ্ঘটনাত পতিত হোৱাত আপোন দুই ভাই ককাইৰ লগতে মৃত্যু মুখত পৰে আন এজন লোক।
জানিব পৰামতে, এএছ ০২ এডি ৪০৩৪ নম্বৰৰ মটৰ চাইকেল দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় তিনিওজন লোকৰ। দুৰ্ঘটনাত নিহত তিনিওজন কাঞ্চনপুৰ গাঁৱৰ বাসিন্দা ক্ৰমে ৰাজদুল হক, মেহেদি আলম আৰু শাকিল আহামেদ বুলি জানিব পৰা গৈছে। কোনোবা অচিনাক্ত বাহনৰ সৈতে সংঘৰ্ষত দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰা হৈছে । নিশাই ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হয় আৰু তিনিও জন লোকৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ ভাৱে নগাঁৱলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
