গোলাঘাট, ০১ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতত ছাগলী চোৰৰ উপদ্ৰব বৃদ্ধি পাইছে। বোকাখাতৰ বিভিন্ন অঞ্চলত যোৱা কিছু দিনৰ পৰা ছাগলী চোৰ আৰু গৰু চোৰৰ উপদ্ৰবত অতিস্থ হৈ পৰিছে জনসাধাৰণ। কালি বিয়লি বোকাখাত ৰ ৰজাবাৰী পল ক্লাৱৰ ওচৰত গাড়ীত অহা দুজন যুৱকে পথৰ কাষত চৰি থকা ছাগলী গাড়ীত উঠোৱাৰ সময়ত ৰাইজে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত গাড়ী লৈ পলাই যোৱাত ৰাইজে খেদি খেদি আৰক্ষীৰ সহযোগত কৰায়ত্ত কৰে।
প্ৰাপ্ত তথ্য়মতে, ৰাইজৰ খেদাত চোৰ কেইটাই প্ৰায় ঘণ্টাধৰি ৰাজপথত গাড়ী লৈ দৌৰাত্ম চলাই বোকাখাতৰ মেঠনি বাগিচাৰ সমীপত অন্য এখন বাহন খুন্দা মাৰি পলাই যোৱাৰ সময়ত ৰাইজ আৰু আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় । ছাগলী চোৰে ব্যৱহাৰ কৰা বাহন খন নম্বৰ এএছ ০১ এজি ১৯৯৯ বুলি জানিব পৰা গৈছে। বাহন খন ভিতৰত পাঁচটাকৈ ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । চোৰ দুটা নাম ক্ৰমে বিকাশ দাস আৰু আৰ্চাদ আলি বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
