যোৰহাট, ৩০ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ক নগৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে l নগৰ খনৰ ৮ নং ৱাৰ্ডত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত জাহ যায় এটি প্ৰধানমন্ত্ৰী আৱস যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কৰা গৃহl অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ গৰাকী এলিনা বেগম নামৰ এগৰাকী অকলশৰীয়া মহিলা বুলি জানিব পৰা গৈছে l
ঘৰৰ ভিতৰত জ্বলি থকা ম’মৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ইফালে জুই লগাৰ খৱৰ পাই অগ্নি নিৰ্বাপক গাড়ী আহে যদিও পথটি ঠেক হোৱা বাবে গাড়ী সোমাব নোৱাৰিলে। ফলত অগ্নিকাণ্ডত জাহ যায় ঘৰৰ সকলো সা–সামগ্ৰী l
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
