নতুন দিল্লী, ৩০ নৱেম্বৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ নিলামৰ ঠিক আগতেই ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে ইণ্ডিয়ান লীগৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছে। শেহতীয়াকৈ ৩৭ বছৰীয়া ৰাছেলক মুকলি কৰি দিছিল কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)য়ে। তেওঁ ইনষ্টাগ্ৰাম পোষ্টত স্পষ্ট কৰি দিয়ে যে তেওঁ আৰু আন কোনো ফ্ৰেঞ্চাইজিৰ হৈ খেলিব নোৱাৰিব আৰু আগন্তুক ছিজনত কেকেআৰৰ সহায়ক কৰ্মচাৰীৰ সৈতে “পাৱাৰ কোচ” হিচাপে যোগদান কৰিব।
ৰাছেলে নিজৰ বিবৃতিত কয়, আই পি এলত মোৰ কিছুমান ডাঙৰ মুহূৰ্ত আৰু স্মৃতি আছে— ছয় আঘাত কৰা, মেচ জয় কৰা, সৰ্বাধিক মূল্যৱান খেলুৱৈ হোৱা। এই সিদ্ধান্ত মোৰ বাবে সময়োপযোগী। মই অনুৰাগীসকলে কোৱাটো বিচাৰো যে, ‘কিয়? আপুনি অধিক খেলিব পাৰিলেহেঁতেন,’ নহয়, ‘আপুনি বছৰ বছৰ আগতে অৱসৰ লোৱা উচিত আছিল।’
১২টা ছিজনত আই পি এলৰ ৰাছেলৰ অভিলেখৰ কোনো তুলনা নাই। ১৪০খন মেচ খেলি ১৭৪.১৮ ষ্ট্ৰাইক ৰেটত ২৬৫১ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও তেওঁৰ ১২৩টা উইকেট আছে, সৰ্বোত্তম প্ৰদৰ্শন ৫/১৫। আই পি এলৰ দুটা খিতাপ (২০১৪, ২০২৪) আৰু দুবাৰকৈ (২০১৫, ২০১৯) আই পি এলৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ ২২৩টা ছয় সংগ্ৰহ কৰি সৰ্বকালৰ তালিকাত সপ্তম স্থানত আছে। ২০১২ চনত দিল্লী ডেয়াৰডেভিলছৰ হৈ আই পি এলত অভিষেক ঘটা ৰাছেলে ২০১৪ চনত কে কে আৰত যোগদান কৰাৰ পিছত তেওঁৰ কেৰিয়াৰে নতুন উচ্চতা লাভ কৰে।কে কে আৰৰ হৈ ১৩৩ খন মেচ খেলি দলটোৰ আটাইতকৈ নিৰ্ভৰযোগ্য ফিনিছাৰ হিচাপে পৰিগণিত হয়।
শেহতীয়া ছিজনবোৰত ফৰ্ম হ্ৰাস:
আই পি এল ২০২৫ ৰাছেলৰ বাবে হতাশাজনক আছিল। তেওঁ মাত্ৰ ১৬৭ ৰান সংগ্ৰহ কৰি ১১.৯৪ ইকনমিৰে ৮টা উইকেট দখল কৰে। ফৰ্ম আৰু ফিটনেছৰ সৈতে যুঁজি থকা ৰাছেলক মুকলি কৰি দি কেকেআৰে পাৰ্চৰ মূল্য ১২ কোটি টকা ৰাহি কৰে।
আৱেগিক বক্তব্য আৰু কে কে আৰৰ সৈতে সংযোগ:
ৰাছেলে প্ৰকাশ কৰে যে ছ’চিয়েল মিডিয়াত নিজকে আন দলৰ জাৰ্চি পিন্ধা দেখি তেওঁ অস্বস্তি অনুভৱ কৰিছিল। তেওঁ কয়, মই কেতিয়াও নিজকে আন ৰঙৰ জাৰ্চি পিন্ধি কল্পনা কৰা নাছিলো। ই বহু টোপনি নোহোৱা ৰাতি কাঢ়ি লৈ গ’ল। কে কে আৰ মোৰ বাবে পৰিয়ালৰ দৰেই। মিষ্টাৰ ভেংকি মহীশূৰ আৰু শ্বাহৰুখ খানৰ সৈতে মোৰ বহু কথা-বতৰা হৈছে। তেওঁলোকে মোক সদায় মৰম আৰু সন্মান দেখুৱাই আহিছে।
ৰাছেলে স্পষ্ট কৰি দিয়ে যে তেওঁৰ অৱসৰ কেৱল আই পি এলৰ বাবেহে। তেওঁ বিশ্বৰ অন্যান্য টি-২০ লীগত খেলি থাকিব। আন্দ্ৰে ৰাছেলৰ আই পি এল কেৰিয়াৰ শেষ হ’ব পাৰে, কিন্তু তেওঁৰ প্ৰভাৱ আৰু স্মৃতি সদায় লীগৰ অংশ হৈ থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
