ইছলামাবাদ, ৩০ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক লৈ ব্যাপক জল্পনা-কল্পনাৰ মাজতে তেওঁৰ ভগ্নী আলিমা খানামে ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰ প্ৰশাসনক তেওঁৰ ভাতৃৰ স্বাস্থ্য সন্দৰ্ভত সুনিৰ্দিষ্ট তথ্য প্ৰদান কৰিবলৈ দাবী জনাইছে। খানামে উল্লেখ কৰে যে কেইবা সপ্তাহ ধৰি পৰিয়ালৰ কোনো সদস্যই খানক লগ কৰিবলৈ দিয়া হোৱা নাই। গতিকে কাৰাগাৰ প্ৰশাসনে অনতিপলমে পৰিস্থিতি স্পষ্ট কৰি দিব লাগে।
পাকিস্তান টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আলিমা খানামে এক আছুতীয়া সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেওঁৰ ভগ্নী ডাঃ উজমা খানে ৪ নৱেম্বৰত ইমৰাণ খানক লগ পাইছিল। তেতিয়াৰ পৰা পৰিয়ালৰ কোনো সদস্যই তেওঁক লগ কৰিবলৈ দিয়া হোৱা নাই, স্বাস্থ্য সম্পৰ্কীয় কোনো সুনিৰ্দিষ্ট তথ্যও দিয়া হোৱা নাই। ইমৰাণ খানক লগ কৰিবলৈ বাৰে বাৰে কৰা অনুৰোধক আদিয়ালা কাৰাগাৰ প্ৰশাসনে আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে ।
খানুমৰ মতে, ডাঃ উজমা খানে ৭৩ বছৰীয়া খানক শেষ ভ্ৰমণৰ সময়ত ফিট আৰু সুস্থ দেখা পাইছিল। অৱশ্যে খানক লৈ থকা নিশ্চিত নোহোৱা বাতৰিক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ সদস্য আৰু পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) সমৰ্থক। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ উপদেষ্টা ৰানা ছানাউল্লাই তেওঁৰ মৃত্যুৰ বাতৰিক ভিত্তিহীন বুলি উলাই কৰে বুলিও কয় ছানীয়ে। তিনিদিন পূৰ্বে ৰাণাই উল্লেখ কৰিছিল যে চিকিৎসকৰ এটা দলে সাপ্তাহিক আৰু দৈনিক প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায় আৰু তেওঁৰ ঔষধ, খাদ্য, সা-সুবিধা, আৰু অন্যান্য প্ৰয়োজনীয়তাসমূহ নিৰীক্ষণ কৰে।
পিটিআইৰ প্ৰতিষ্ঠাপক ইমৰাণ খানে ২০২২ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল আৰু ২০২৩ চনৰ আগষ্টৰ পৰা দুৰ্নীতি আৰু অন্যান্য অভিযোগত জেলত আছে। অৱশ্যে খান আৰু তেওঁৰ দল পিটিআইয়ে এই অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অস্বীকাৰ কৰিছে। বৃহস্পতিবাৰে (২৭ নৱেম্বৰ) ইমৰান খানৰ মৃত্যুৰ খবৰৰ পিছত তেওঁৰ ভগ্নী আলিমা খানুম আৰু খাইবাৰ পখতুনখোৱাৰ মুখ্যমন্ত্ৰী সোহেইল আফ্ৰিদীয়ে জেলত তেওঁৰ ওচৰলৈ গৈছিল যদিও তেওঁলোকক প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছিল। ইয়াৰ পিছতে দুয়োৰে লগতে পিটিআই কৰ্মীয়ে কাৰাগাৰৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শুকুৰবাৰে পুৱা সমাপ্ত হয় প্ৰতিবাদ। পিছত জেল প্ৰশাসনে ইমৰাণ খানৰ অৱস্থা ভাল বুলি উল্লেখ কৰে। তেওঁৰ মৃত্যুৰ খবৰও অস্বীকাৰ কৰে।
ভাতৃৰ সৈতে যোগাযোগৰ পৰা বঞ্চিত হোৱাৰ পিছত আলীমা খানুমে আদিয়ালা জেলৰ অধীক্ষক আৰু অন্যান্য বিষয়াৰ বিৰুদ্ধে ইছলামাবাদ উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ আবেদন দাখিল কৰে। আবেদনখনত ইছলামবাদ উচ্চ ন্যায়ালয়ৰ ২৪ মাৰ্চৰ আদেশৰ উদ্ধৃতি দিয়া হৈছে, য’ত ইমৰাণ খানক সপ্তাহত দুবাৰকৈ সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হৈছিল। আৱেদনখনত কোৱা হৈছে যে আদালতৰ নিৰ্দেশ ইচ্ছাকৃতভাৱে অমান্য কৰা হৈছে, যাৰ বাবেই আদালতে অৱমাননাৰ গোচৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াত বিশেষভাৱে ইমৰাণৰ সৈতে প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ কথা উল্লেখ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
