গুৱাহাটী, ২৮ নৱেম্বৰ (হি.স.)। ৰাজ্য চৰকাৰে ৰাজ্যৰ ৩ লাখ চাহ শ্ৰমিক পৰিয়াললৈ ভূমি পট্টা প্ৰদানৰ বাবে তথা চাহ শ্ৰমিকসকলক এক মৰ্যদা সম্পন্ন জীৱন প্ৰদানৰ বাবে প্ৰচেষ্টাৰে এক বিধেয়ক অনাৰ বাবে প্ৰস্তুত হৈছে। আজি সদনত এই বিধেয়কখনৰ ওপৰত সৰৱ চৰ্চা হয় আৰু এই চৰ্চাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জাতীয় জীৱনলৈ চাহ শ্ৰমিকৰ অভূতপূৰ্ব বৰঙণি আছে। ২০১৪ চনৰ পাছত বাগিচাৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আহিছে।
বিজেপি চৰকাৰে শ্ৰমিকসকলৰ বাবে একাউণ্ট খুলি দিছিল। ৭ লাখ বেংক একাউণ্ট খুলি দিয়া হৈছিল। ৭৫ বছৰে নগদ ধনত মজুৰি আদায় কৰা শ্ৰমিক সকলে এতিয়া বেংক একাউণ্টত চিনি পোৱা হৈছে। প্ৰসূতি মাতৃক ১২ হাজাৰ টকা পৰ্যন্ত অনুদান দিয়া হৈছে। জানুৱাৰী মাহৰ ভিতৰত চাহ বাগিচা অঞ্চলত ১০০ খন হাইস্কুল আৰম্ভ হ’ব। চাহ বাগিচাৰ আদৰ্শ হাইস্কুল বোৰ অন্য জনগোষ্ঠীৰ প্ৰেৰণা হৈছে। বিজেপিৰ ৭ বছৰ কাৰ্যকালত শ্ৰমিকৰ মজুৰি ২৫০টকালৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে কয়, চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে এপিএছচিত সংৰক্ষণ থাকিব। ইয়াৰ বাবে অহা বছৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিব চৰকাৰে। চাহ বাগিচাৰ লাইনৰ ৰাস্তা এতিয়া ভাল হৈছে।
মুখ্যমন্ত্ৰীয়ে কয়, চাহ বাগিচা অঞ্চলত প্ৰাথমিক বিদ্যালয় কংগ্ৰেছে প্ৰতিষ্ঠা কৰিছিল। প্ৰাথমিক শিক্ষাতকৈ অধিক শিক্ষা লাভ কৰিব নোৱাৰা এক অঘোষিত আইন আছিল। ২০১৪ চনৰ পাছত বাগিচাৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আহিছে। বিমুদ্ৰাকৰণৰ সময়ত বিজেপি চৰকাৰে শ্ৰমিক সকলৰ বাবে একাউণ্ট খুলি দিছিল।
মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অখিল গগৈয়ে চাহ শ্ৰমিকক মাটি দিয়াটো ভাল পোৱা নাই। অখিল গগৈ অসমৰ চাহ শ্ৰমিকৰ বিৰোধী।’’ ইয়াৰ পিছতে বিধানসভাত শাসকীয় পক্ষৰ বিধায়কসকলে ‘অখিল গগৈ মুৰ্দাবাদ’, ‘অখিল গগৈ কৃষক বিৰোধী’ আদি ধ্বনি দিয়ে। ফলত সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
পৰিস্থিতি শান্ত হোৱাত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘পট্টা পোৱাৰ পাছত চাহ শ্ৰমিকে ২০ বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব মাটি। বেংকত বন্ধকত ৰাখিব পাৰিব। ২০ বছৰ পাছত বাগিচাৰ শ্ৰমিকে মাটি বিক্ৰী কৰিব পাৰিব। কিন্তু মাটি বিক্ৰী কৰিব পাৰিব কেৱল সেই বাগিচাৰ অন্য শ্ৰমিককহে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘৩ লাখ চাহ শ্ৰমিকে ভূমি পট্টা পাব। যদিহে পুনৰ বিজেপি চৰকাৰ আহে ৩ লাখ শ্ৰমিকৰ গৃহ নিৰ্মাণ কৰি দিম। অহা দুমাহৰ ভিতৰত চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণৰ আঁচনি আৰম্ভ কৰা হ’ব।’’
লগতে আজি বিধানসভাত চাহ জনগোষ্ঠীৰ বাবে এক ডাঙৰ ঘোষণা কৰে। অহা বছৰৰ পৰা চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে এপিএছচিত থাকিব সংৰক্ষণ। ইয়াৰ বাবে অহা বছৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিব চৰকাৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
