বাক্সা, ২৮ নৱেম্বৰ (হি.স.)। বাক্সাৰ শালবাৰীৰ আনন্দ বজাৰ হাটখোলাত দুটা বন্যহস্তীৰ সন্ত্ৰাস৷ পুৱাৰ পৰা গাঁওখনত সন্ত্ৰাস চলাই আছে বন্যহস্তী দুটাই৷
বন্যহস্তীৰ গছকত মৃত্যু সন্তোষ কলিতাৰ পশুধনৰ লগতে কেবাটাও পৰিয়ালৰ ঘৰবাৰী ক্ষতিগ্ৰস্ত৷ মাইকিং কৰি বন বিভাগে সতৰ্ক কৰাৰ চেষ্টা কৰিছে ৰাইজক। বৰ্তমানো গাঁওখনত অৱস্থান কৰি আছে হাতী দুটাই।
হাতীৰ ভয়ত হাটখোলাৰ গড় আলি ভোলানাথ হাইস্কুলে বাতিল কৰিলে পৰীক্ষা। লগতে পৰীক্ষা বাতিল কেবাখনো স্থানীয় বিদ্যালয়ৰ৷ বিদ্যালয়ৰ ওচৰতে অৱস্থান কৰি আছে হাতী দুটা। মানহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে হাতী দুটা। ইফালে হাটখোলাত আজি সাপ্তাহিক বজাৰ থকাত সমস্যাৰ সম্মুখীন হৈছে ৰাইজ।
সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক, শালবাৰী মহকুমা আৰক্ষী বিষয়াসহিতে আৰক্ষী- বন বিভাগৰ বৃহৎ দল । বন বিভাগে মানহলৈ হাতী দুটা খেদি নিয়াৰ চেষ্টা কৰিছে যদিও বৰ্তমানলৈ সফল হ’ব পৰা নাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
