নগাঁও, ২৮ নৱেম্বৰ (হি.স.): আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধিং সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত বিজেপি দলো পিছ পৰি থকা নাই। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ আত্মীয় তথা প্ৰাৰ্থীত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীয়ে সমষ্টিটোত এইবাৰ বিজেপি দলৰ পৰা শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে।
বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী গোস্বামীয়ে সমষ্টিটোৰ চৰ অঞ্চলকে ধৰি গাঁৱে- ভুঞে বিভিন্ন অঞ্চলত সভা সমিতি পাতি ভোটাৰ ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত ভোটাৰ ৰাইজে জনদৰদী গোস্বামীক আকোঁৱালি লোৱা দেখা গৈছে।
ইফালে সমষ্টিটোত যোৱা নিশা সমষ্টিটোৰ তাতিকাটা আৰু হাতীমুৰীয়া পঞ্চায়তত বিজেপি দলৰ এখনি সভা অনুষ্ঠিত হৈ যায়। সভাখনত মুখ্য অতিথি হিচাপে অমৰজিৎ গোস্বামী উপস্থিত থকাৰ উপৰিও যুৱ নেতা ৰিজাবুল ইছলাম, ৱাছিম আক্ৰাম,পঞ্চায়তটোৰ বিজেপিৰ দলৰ সভাপতি জিয়াবুৰ ৰহমানকে ধৰি বিজেপিৰ দলৰ কৰ্ম কৰ্তা সকলে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
