
হংকং, ২৮ নৱেম্বৰ (হি.স.)। নিজৰ অনন্য উজ্জ্বল চমক আৰু ভৱ্যতাৰ বাবে বিখ্যাত হংকঙে ইতিহাসৰ অন্যতম ভয়াৱহ অগ্নিকাণ্ডৰ সাক্ষী হৈ পৰিছে। পৰহিৰ পৰা আঠটা ওখ আৱাসিক টাৱাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত আজি পুৱালৈকে ৯৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে চাৰিটা অট্টালিকাৰ অগ্নিকাণ্ড বৃহস্পতিবাৰে নিশালৈকে নিৰ্বাপিত কৰা হৈছিল। তিনিটা অট্টালিকাত কঠোৰ পৰিশ্ৰম কৰি আছিল অগ্নিনিৰ্বাপক বাহিনীয়ে। এটা টাৱাৰক নিৰাপদ বুলি ঘোষণা কৰা হ’ল। বিষয়াসকলে জনোৱা মতে, চূড়ান্ত উদ্ধাৰ প্ৰচেষ্টাৰ সময়ত পুনৰ জুই জ্বলি উঠে, যাৰ ফলত অঞ্চলটো ধোঁৱাৰে ভৰি পৰে। জুইৰ শিখাৰে আগুৰি থকা সকলো টাৱাৰ টাই প’ৰ ৱাং ফুক ক’ৰ্ট এলেকাত।
হংকঙৰ সৰ্বাধিক পঢ়া কাকত দ্য ষ্টেণ্ডাৰ্ডত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আজি পুৱাই ঘটনাস্থলীৰ পৰা আৰু পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, ইয়াৰে দুটা শিশু। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এটা অট্টালিকাত আন এক অগ্নিকাণ্ড সংঘটিত হয়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত থকা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে পানী ছটিয়াবলৈ ওখ জখলা স্থাপন কৰে। গোটেই নিশাটো জীৱিত লোকৰ সন্ধানত অভিযান অব্যাহত থাকে। চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা দুটা শিশুসহ ৫টা মৃতদেহ উদ্ধাৰ কৰে।
অগ্নিনিৰ্বাপক বাহিনীয়ে এই পৰ্যন্ত ৯৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে, আনহাতে সংকটজনক অৱস্থাত আছে ৭৮ জন । এই আঠটা টাৱাৰত প্ৰায় ২০০০টা ফ্লেট আছে। কালি বিষয়াসকলে ঘোষণা কৰে যে এই কাণ্ডৰ সৈতে জড়িত নিৰ্মাণ কোম্পানীটোৰ তিনিজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে: দুজন পৰিচালক আৰু এজন পৰামৰ্শদাতা অভিযন্তা। স্বাস্থ্য সচিব লো চুং-মৌৱে কয় যে ধোঁৱা উশাহ লোৱাৰ ফলত বহু লোকৰ মৃত্যু হৈছে। ইফালে ধৃত বিষয়াসকলৰ বিৰুদ্ধে দোষী হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
