
গোলাঘাট, ২৮ নৱেম্বৰ (হি.স.): গোলাঘাটত এখন বিলাসী গাড়ীত উদ্ধাৰ কৰা হৈছে লাখ লাখ টকাৰ ড্ৰাগছ। গোলাঘাটৰ বেঙেনাখোৱাত যোৱা কালি বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এখন এক্সইউভি বাহনৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এই সন্দৰ্ভত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাটৰ মেৰাপানীৰ পৰা বোকাখাত অভিমুখে গৈ থকা এএছ ২৩ এএ ৩৫৩২ নম্বৰৰ বগা ৰঙৰ বিলাসী বাহনখন ৰখাই তালাচি চলায় । গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানত বাহন খনৰ পৰা উদ্ধাৰ কৰে মাৰাত্মক ড্ৰাগছ। গ্ৰেপ্তাৰ হোৱা তিনিজন ক্ৰমে ৰাজা আলী, আবুকৰ আলী আৰু আচিক আহমেদ বুলি জনা গৈছে। বৰ্তমান তিনিওজনকে আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে । বিলাসী বাহনখনত আৰু ড্ৰাগছ থকা সন্দেহ কৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
