কামৰূপ, ২৬ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ হাজোৰ দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত সন্দেহ জনক লোকৰ তাণ্ডৱ চলিছে। দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত এগৰাকী গো-ম’হ পালকৰ ম’হ কোনো সন্দেহ জনক লোকে ঘপিয়াই আঘাতপ্ৰাপ্ত কৰাৰ উপৰিও আন এটা ম’হ সন্ধানহীন হৈ পৰিছে। উপায়ন্তৰ হৈ ভুক্তভোগী গো- মহ পালকসকল ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
শেহতীয়াকৈ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত দোকনীয়া গ্ৰেজিং -ৰিজাৰ্ভত খিলঞ্জীয়া গো-ম’হ পালক সকলৰ প্ৰতি চৰম ভাবুকি নামি আহিছে। প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত গো -ম’হ পালক সকলৰ বাবে কেবাহাজাৰ ভূমি সংৰক্ষিত কৰি দিছিল দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত। কিন্তু হাজোৰ দোকনীয়া গ্ৰেজিং ৰিজাৰ্ভত গো- ম’হ পালক সকল নিশাৰ ভাগত নিজৰ খুটিত থকা-মেলাৰ ক্ষেত্ৰত সন্দেহ জনক লোকৰ ভাবুকিৰ সম্মুখীন হৈ আহিছে। গ্ৰেজিং ৰিজাৰ্ভত সম্প্ৰতি খিলঞ্জীয়া লোক সকলৰ গো-ম’হৰ ওপৰত সন্দেহ জনক লোকে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
এনে ঘটনাৰ সন্দৰ্ভত গ্ৰেজিং ৰিজাৰ্ভ খনৰ গো-ম’হ পালক সকল সন্দেহৰ ভিত্তিত চাৰিগৰাকীকৈ লোকৰ ওপৰত ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে ৰামদিয়া আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
