
বৰপেটা, ২৬ নৱেম্বৰ (হি.স.): পুনৰ বিলাসী বাহনেৰে ছাগলী চুৰিৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ বৰপেটা জিলাৰ খোলাবান্ধা গাঁৱত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা।
প্ৰাপ্ত তথ্য অনুসৰি খোলাবান্ধা গাঁৱৰ পৰা এটা ছাগলী চুৰি কৰি মুখ বান্ধি বিলাসী বাহনেৰে লৈ গৈ থকা অৱস্থাত নগৰবেৰাত আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰ কেইটাক। ধৃত চোৰ কেইটাঃ ফজৰ আলী, শ্বাহানুৰ আলম আৰু নজমুল হক বুলি পৰিচয় পোৱা গৈছে। চুৰিকাৰ্যত ব্যৱহৃত মাৰুতি চুজুকিৰ TOUR-S বিলাসী বাহনখনৰ নম্বৰ এএছ ০১ জেচি ৫৯৪২ বুলি জনা গৈছে।
জানিব পৰা মতে, ধৃত ফজৰ আলীৰ ঘৰ খোলাবান্ধা গাঁৱত, শ্বাহানুৰ আলমৰ ঘৰ হোজাইত আৰু নজমুল হকৰ ঘৰ বৰপেটা জিলাৰ মাজৰচৰ গাঁৱত। ধৃত তিনিওটা চোৰক জেৰা অব্যাহত ৰাখিছে নগৰবেৰা আৰক্ষীয়ে। আজি তিনিওটা চোৰকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
