বৰপেটা, ২৩ নৱেম্বৰ (হি.স.): বজালী পাঠশালাত যোৱা কালি সন্ধিয়া কোচ ৰাজবংশী ছাত্ৰ সন্থাই জোঁৰ সমদল বাহিৰ কৰে। বিজেপি চৰকাৰ মিছলীয়া, হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনিৰে উত্তাল কৰি তোলে বজালী সদৰ পাঠশালা।
পাঠশালাত হাতে হাতে জোঁৰ লৈ সমদল উলিয়ায় কোচ ৰাজবংশী ছাত্ৰ সন্থাই। ২৫ নৱেম্বৰত অসম চৰকাৰৰে দাখিল কৰিব লগীয়া প্ৰতিবেদনত ৬ জনগোষ্ঠীৰ লগত কোচ ৰাজবংশী সকলৰ নাম উল্লেখ থাকিব লাগিব বুলিও সঁকীয়াই দিয়ে সংস্থাটোৱে। ২৫ নৱেম্বৰত কোচ ৰাজবংশী সকলৰ নাম উল্লেখ নাথাকিলে ২৫ নৱেম্বৰৰ পিছতে অসমত কোচ ৰাজবংশী সকযে ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
