
দক্ষিণ শালমাৰা মানকাচৰ, ২৩ নৱেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত কালাপানী আৰক্ষীয়ে যোৱা কালি শনিবাৰে নিশা অভিযান চলাই প্ৰায় ১০,২০০ টা ইয়াবা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত বাদশ্বাহ মোল্লা নামৰ এজন ব্যক্তিক কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক তৎপৰ হৈ পৰিছে । এনে কাৰ্যৰ লগত জড়িত সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
