নগাঁও, ২১ নৱেম্বৰ (হি.স.): চামগুৰিত চৰকাৰী ভূমিত উচ্ছেদৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলড’জাৰ।
প্ৰায় ৩৮ বিঘা চৰকাৰী ভূমিত বাস কৰা ৭৬-৮০ টাকৈ পৰিয়ালত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। ইতিমধ্যে চামগুৰি ৰাজহ চক্ৰৰ তৰফৰ পৰা পৰিয়াল সমূহলৈ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে । আগন্তুক ১৫ দিনৰ পাছতেই চলিব প্ৰশাসনৰ এই উচ্ছেদ অভিযান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
