গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জেনেৰেল মেনেজাৰ চেতন কুমাৰ শ্ৰীবাস্তৱে পশ্চিম বংগৰ কামাখ্যাগুৰি আৰু নিউ কুচ বেহাৰ ৰেল ষ্টেচনৰ বিশদ পৰিদৰ্শন কৰে। এন এফ আৰৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে মহাপ্ৰবন্ধকৰ সৈতে আলিপুৰদুৱাৰ সংমণ্ডলৰ সংমণ্ডল ৰেলৱে প্ৰবন্ধক দেৱেন্দ্ৰ সিং আৰু এন এফ আৰৰ মুখ্য কাৰ্যালয় আৰু সংমণ্ডলৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
কামাখ্যাগুৰি ষ্টেচনত জেনেৰেল মেনেজাৰে তিনিওটা প্লেটফৰ্ম, ১২ মিটাৰ বহল ফুট অভাৰব্ৰিজ, লিফ্ট, দুয়োফালে চলাচল কৰা ঠাই, ৱেটিং ৰুম, লাউঞ্জ, যাত্ৰীৰ সুবিধা, পাৰ্কিং এলেকা, ষ্টেচন মাষ্টাৰৰ ৰুম, টিকট কাউণ্টাৰ আদি পৰিদৰ্শন কৰিলে। পৰিদৰ্শনত যাত্ৰীৰ সুবিধা, সুৰক্ষাৰ মানদণ্ড, পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু ষ্টেচনৰ সম্পত্তিৰ সামগ্ৰিক ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াৰ পিছতে স্থানীয় সাংসদ, বিধায়ক, ব্যৱসায়িক সংগঠন আৰু জনস্বাৰ্থ গোটৰ প্ৰতিনিধিৰ সৈতে বৈঠক, সংবাদ মাধ্যমৰ সৈতে মত বিনিময়।
নিউ কুচ বেহাৰ ষ্টেচনত শ্ৰীবাস্তৱে ষ্টেচন অধীক্ষক আৰু ষ্টেচন মাষ্টাৰ পেনেল, কম্বাইণ্ড ক্ৰু লবী, ক্ৰু ৰানিং ৰুম, ৱেটিং ৰুম, অৱসৰ কক্ষ, ছাত্ৰাবাস, আৰু ষ্টেচনৰ চলাচল কৰা ঠাইকে ধৰি বিভিন্ন কাৰ্য্যকৰী আৰু যাত্ৰীবাহী সুবিধাসমূহৰ পৰ্যালোচনা কৰে। এই পৰিদৰ্শনৰ লক্ষ্য আছিল উপলব্ধ সুবিধাসমূহৰ মানদণ্ড মূল্যায়ন কৰা আৰু যাত্ৰীকেন্দ্ৰিক আন্তঃগাঁথনি ফলপ্ৰসূভাৱে ৰক্ষণাবেক্ষণ আৰু কাৰ্য্যকৰী মানদণ্ড অনুসৰি কাম কৰাটো নিশ্চিত কৰা।
দুয়োটা ষ্টেচনতে কৰা পৰিদৰ্শনৰ লক্ষ্য আছিল সেৱা প্ৰদান আৰু অধিক শক্তিশালী কৰা, কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰা, আৰু এন এফ আৰ যাত্ৰীসকলৰ বাবে সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা উন্নত কৰা। এবিএছএছৰ অধীনত কামাখ্যাগুৰি ষ্টেচনৰ পুনৰ উন্নয়নে আধুনিক আৰু যাত্ৰী অনুকূল সা-সুবিধা প্ৰদানৰ প্ৰতি ভাৰতীয় ৰে’লৱেৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
