– টেল আভিভ ভ্ৰমণৰ সময়ত ভাৰত-ইজৰাইল এফটিএ পুনৰীক্ষণ হোৱাৰ সম্ভাৱনা
নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। ইজৰাইলৰ অৰ্থনীতি আৰু উদ্যোগ মন্ত্ৰী নীৰ বৰকতৰ আমন্ত্ৰণত ২০-২২ নৱেম্বৰলৈ ইজৰাইললৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে। তিনিদিনীয়া টেল আভিভ ভ্ৰমণৰ সময়ত তেওঁ প্ৰস্তাৱিত ভাৰত-ইজৰাইল মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ অগ্ৰগতি পুনৰীক্ষণ কৰাৰ সম্ভাৱনা আছে। গোৱেলৰ সৈতে চিআইই, ফিক্কি, এছোচেম আৰু ষ্ট্ৰাৰ্ট-আপ ইণ্ডিয়াৰ ব্যৱসায়িক প্ৰতিনিধি দল থাকিব।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গোৱেলে ভ্ৰমণৰ সময়ত ইজৰাইলৰ শীৰ্ষ নেতৃত্বৰ সৈতে উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইজৰাইলৰ সমকক্ষ অৰ্থনীতি আৰু উদ্যোগ মন্ত্ৰী নীৰ বৰকাতৰ লগতে আন কেইবাজনো মন্ত্ৰীৰ সৈতেও আলোচনাত মিলিত হ’ব। এই আলোচনাত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক শক্তিশালী কৰা, কৃষি, পানী, প্ৰতিৰক্ষা, উদীয়মান প্ৰযুক্তি, জীৱন বিজ্ঞান, আন্তঃগাঁথনি, উন্নত উৎপাদন আদি মূল খণ্ডসমূহত সহযোগিতা বৃদ্ধি কৰা আৰু ষ্টাৰ্ট-আপকে ধৰি দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত অধিক সহযোগিতাৰ সুযোগ বিচাৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি পীয়ুষ গোৱেলে ইজৰাইললৈ ৬০ জনীয়া ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্ব দিব। তাত তেওঁ নেতা আৰু ব্যৱসায়িক নেতাৰ সৈতে দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব।
প্ৰস্তাৱিত ভাৰত-ইজৰাইল মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ অগ্ৰগতিও পুনৰীক্ষণ কৰা হ’ব পাৰে। গোৱালে ভাৰত-ইজৰাইল বিজনেছ ফ’ৰামত অংশগ্ৰহণ কৰিব, য’ত দুয়োপক্ষৰ আগশাৰীৰ ব্যৱসায়িক সংস্থা আৰু উদ্যোগৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ ২২ নৱেম্বৰত সামৰণি পৰিব ।
हिन्दुस्थान समाचार / অৰৱিন্দ
