অৱশেষত মুক্তি পালে ৰণবীৰ সিঙৰ বহু প্ৰত্যাশিত ছবি ‘ধুৰন্ধৰ’ৰ বিস্ফোৰক ট্ৰেইলাৰ। ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। ইতিমধ্যে টিজাৰ আৰু পোষ্টাৰসমূহে বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল, আৰু এতিয়া ট্ৰেইলাৰে দৰ্শকৰ আশা আৰু অধিক বৃদ্ধি কৰিছে।
আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত এই চোৰাংচোৱা-থ্ৰিলাৰ একচন নাটকখন পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ আৰু সীমা অতিক্ৰম কৰি চোৰাংচোৱা অভিযানৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। ৰণবীৰ সিঙৰ লগতে ছবিখনত সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, অক্ষয় খান্না, আৰ মাধৱন, আৰু চাৰা আলী খানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
৪ মিনিট ৭ ছেকেণ্ডৰ এই ট্ৰেইলাৰটোৰ আৰম্ভণিতে অৰ্জুন ৰামপালৰ এক তীব্ৰ আৰু ভয়ংকৰ দৃশ্যই ছবিখনৰ সুৰ তৎক্ষণাত স্থাপন কৰিছে। ইয়াৰ পিছতে ৰণবীৰ সিঙৰ তীব্ৰ আৰু বিপজ্জনক অৱতাৰ। ট্ৰেইলাৰটোত কেইবাটাও মেৰুদণ্ড শীতল কৰা দৃশ্য আছে যিয়ে হাই-অক্টেন, এজ-অফ-দ্য-চিটৰ অভিজ্ঞতাৰ ইংগিত দিয়ে।
প্ৰযোজকসকলৰ মতে, ২০২৫ চনৰ ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱা ধুৰন্ধৰ ছবিখনৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি মুক্তিৰ পূৰ্বেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে যে ছবিখনৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাতাসকলে ধুৰন্ধৰ ২ৰ পৰিকল্পনা আৰম্ভ কৰিছে। মুঠতে এই ট্ৰেইলাৰটোৱে অনুৰাগীৰ মাজত উত্তেজনাৰ মাত্ৰা বৃদ্ধি কৰিছে, আৰু সকলোৰে দৃষ্টি এতিয়া ছবিখনৰ মুক্তিৰ ওপৰত।
हिन्दुस्थान समाचार / অৰৱিন্দ
