
কামৰূপ, ১৮ নৱেম্বৰ (হি স)। বাইহাটা চাৰিআলি আৰক্ষীৰ জালত পৰিছে দুই নকল সোণ সৰবৰাকাৰী । বাইহাটা চাৰিআলি আৰক্ষীয়ে গোপন সুত্ৰে খবৰ পায় উপ-পৰিদৰ্শক ডেইজী নাথৰ নেতৃত্বত যোৱা আৰক্ষী দলে ডুমুনীচৌকীৰ পৰা আটক কৰে নকল সোণ সৰবৰাকাৰী দুগৰাকীক ।
আৰক্ষীয়ে সৰবৰাহকাৰী দুগৰাকীৰ পৰা আধা কটা নাও সদৃশ সোণৰ টুকুৰা জব্দ কৰে । জব্দ কৰা নকল নাও টুকুৰাৰ ওজন ১৩৫ গ্ৰাম । লগতে জব্দ কৰে চাৰিটা মোবাইল, নগদ ৩৫ হাজাৰ টকা আৰু এ এছ ০৭ জেদ ৬৪১২ নম্বৰৰ আৰ ওৱান ফাইভ বাইক । ধৃত নকল সোণৰ সৰবৰাহকাৰী দুজন লক্ষীমপুৰ জিলাৰ নাওবৈছাৰ জিয়াউল হক আৰু মিজানুৰ ৰহমান ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
