দৰং, ১৮ নৱেম্বৰ (হি.স.): আজি জুবিন বিহীন তেখেতৰ প্ৰথমটো ওপজা দিন। আজি এই বিশেষ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে মঙ্গলদৈতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে ওপজা দিনৰ বিশেষ অনুষ্ঠান। সমান্তৰালকৈ মঙ্গলদৈ ইলেক্ট্ৰনিক মিডিয়া ফ’ৰামেও দিনযোৰা কৈ অনুষ্ঠিত কৰিছে তেখেতৰ ওপজা দিনৰ কাৰ্যসূচী। এই উপলক্ষ্য়ত প্ৰথমটো কাৰ্যসূচী (প্ৰভাত ফেৰী) অনুষ্ঠিত হৈ যায়।
প্ৰভাত ফেৰীত প্ৰায় দুই শতাধিক জুবিনৰ গুণমুগ্ধই অংশগ্ৰহণ কৰে। লগতে জুবিনৰ কালজয়ী গীত সমূহ পৰিবেশন কৰি পৰিভ্ৰমণ কৰে মঙলদৈ চহৰ। মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া চাৰ্কোলে আয়োজন কৰা অনুস্থানত মঙলদৈৰ সৰ্বস্তৰৰ ৰাইজ সমাবেত হয়৷ লগতে জুবিনৰ গীত মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা আদি পৰিৱেশন কৰা হয় ।
প্ৰভাত ফেৰীত উপস্থিত আছিল অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা দেৱী, বিশিষ্ট চিকিৎসক অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ লগতে মঙ্গলদৈৰ বহু গণ্য়মান্য ব্যক্তি সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
