ৰিয়াধ (চৌদি আৰব)/নতুন দিল্লী (ভাৰত), ১৭ নৱেম্বৰ (হি.স.)। ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীক লৈ মক্কাৰ পৰা মদিনা অভিমুখে আহি থকা এখন বাছে দেওবাৰে নিশা ভাৰতীয় সময় অনুসৰি প্ৰায় ১:৩০ বজাত এখন ডিজেল টেংকাৰৰ সৈতে খুন্দা মাৰে। সংঘৰ্ষৰ পিছতে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ১১ গৰাকী মহিলা আৰু ১০ গৰাকী শিশুকে ধৰি ৪২ জনৰ মৃত্যুৰ আশংকা কৰা হৈছে। স্থানীয় কৰ্তৃপক্ষই এতিয়াও এই সংখ্যা নিশ্চিত কৰা নাই।
গালফ নিউজৰ তথ্য অনুসৰি মদিনাৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ নিলগত মুহৰাছ-মুফ্ৰিহাটৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। ছৌদি আৰৱৰ উদ্ধাৰকাৰী দলে নিশ্চিত কৰিছে যে বাছখন সম্পূৰ্ণৰূপে জ্বলি গৈছে। কোনো ভুক্তভোগীক চিনাক্ত কৰাটো কঠিন হৈ পৰিছে। আনহাতে ভয়াৱহভাৱে অগ্নিদগ্ধ হোৱা এজন লোকক উদ্ধাৰ কৰা হৈছে।
তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ছৌদি অসামৰিক প্ৰতিৰক্ষা আৰু আৰক্ষীৰ দল। ভাৰতীয় বিষয়া আৰু উমৰা এজেন্সীৰ প্ৰতিনিধিয়ে নিহতসকলৰ পৰিয়ালৰ সৈতে সমন্বয় স্থাপনৰ চেষ্টা চলাইছে। ভাৰতৰ হায়দৰাবাদ চহৰৰ তীৰ্থযাত্ৰীসকলৰ আত্মীয়ই চিন্তিত হৈ ট্ৰেভেল অপাৰেটৰ আৰু বিষয়াসকলৰ সৈতে যোগাযোগ কৰিছে। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেভান্ত ৰেড্ডীয়ে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰে কিছুমান হায়দৰাবাদৰ হ’ব পাৰে। হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
