
গোলাঘাট, ১৭ নৱেম্বৰ (হি.স.): গোলাঘাটৰ ৰঙাজানৰ কাটকটীয়া গাঁৱত যোৱা কালি দেওবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বৃদ্বাক চোকা অস্ত্ৰ ডিঙিত থৈ ডকাইতি কাণ্ড সংঘটিত কৰিলে ডকাইতৰ দলে।
জানিব পৰামতে, লক্ষীমাই বৰুৱা নামৰ বৃদ্ধা গৰাকী ঘৰতে অকলে থকা অৱস্থাত পাছফালৰ দুৱাৰৰে তিনিটা ডকাইত প্ৰবেশ কৰি প্ৰথমে মুখ, হাত বান্ধি আক্ৰমণ কৰে মহিলা গৰাকীক। সেই সময়ত বৃদ্ধা গৰাকী স্বামী বজাৰলৈ ওলাই গৈছিল। তাৰ পাছত গডৰেজৰ ছাবি বিছাৰিছিল যদিও পাছত ভাঙি লুটপাত চলাই ডকাইতৰ দলটোৱে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
