
হোজাই, ১৬ নৱেম্বৰ (হি.স.): লংকা বন বিভাগৰ অভিযানত লংকাইজানত আটক হৈছে এজন চোৰাং চিকাৰী । লগতে চোৰাং চিকাৰীটোৰ জিম্মাৰ পৰা বন গাহৰিৰ মাংসও জব্দ কৰা হৈছে। লংকা বন বিভাগৰ অভিযানত লংকাইজানৰ পৰা যোৱা কালি শনিবাৰে সন্ধিয়া আটক কৰা হয় চোৰাং চিকাৰীটোক । আটকাধীন চোৰাং চিকাৰীটো ডেৰাপথাৰৰ আৰমান মাৰাক বুলি পৰিচয় পোৱা গৈছে।
বন বিভাগে আৰমান মাৰকক লগত লৈ অভিযান চলাই লামডিং বনাঞ্চলৰ পৰা হস্ত নিৰ্মিত ২টা বন্দুক, ১০ কেজি বনৰীয়া গাহৰি মাংস আৰু এখন বাইক উদ্ধাৰ কৰে । আৰমান মাৰাকৰ লগত থকা আন এজন চোৰাং চিকাৰী পলতাক অৱস্থাত আছে । বৰ্তমান চোৰাং চিকাৰীটোক লংকা আঞ্চলিক বন বিভাগৰ কাৰ্য্যলয়লৈ অনা হৈছে। আনহাতে পলাতক চোৰাং চিকাৰী জনৰ সন্ধানত অনুসন্ধান অব্য়াহত ৰাখিছে লংকা বন বিভাগে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
