হোজাই, ১৫ নৱেম্বৰ (হি.স.)। হোজাইৰ ডবকাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী ৰেলী।
ডবকাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী ৰেলী
ডবকাৰ জয়নগৰ মাদ্ৰাছাৰ শ শ ছাত্ৰ আৰু শিক্ষক সমাজে ওলিয়াইছে প্ৰতিবাদী ৰেলী।
দিল্লী তথা দেশৰ আন ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ নিন্দা প্ৰতিবাদকাৰীৰ।
মাদ্ৰাছাত চলি থকা পৰীক্ষাৰ মাজতে ওলাই আহিছে এইসকল প্ৰতিবাদী শিক্ষাৰ্থী।
সন্ত্ৰাসবাদ নিপাত যাওক, সন্ত্ৰাসবাদীক শাস্তি দিয়ক আদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
