কোকৰাঝাৰ, ১৫ নৱেম্বৰ (হি.স.): চেন্নাইত অনুষ্ঠিত ২৩তম এছিয়ান মাষ্টাৰ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে গোসাঁইগাঁৱৰ বয়োজ্যেষ্ঠ খেলুৱৈ নীৰেন্দ্ৰ বসুমতাৰীয়ে৷ চেন্নাইত যোৱা ৫ নৱেম্বৰ তাৰিখৰ পৰা ৯ তাৰিখলৈকে অনুষ্ঠিত হোৱা এছিয়ান মাষ্টাৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি জেভলিল থ্ৰ’বাৰ হিচাপে সোণৰ পদক আজুৰি আনি গোসাঁইগাঁৱৰ লগতে গোটেই ৰাষ্ট্ৰক গৌৰৱান্বিত কৰি তুলিছে ৭৫ বছৰীয়া এই গৰাকী খেলুৱৈ নীৰেন্দ্ৰ বসুমতাৰীয়ে৷
গোসাঁইগাঁও মহকুমাৰ দাউলিগুৰী গাঁৱৰ বিখ্যাত খেলুৱৈ গৰাকীক গোসাঁইগাঁও জিলা ক্ৰীড়া সন্থাই সম্বৰ্ধনা জনোৱা সময়তে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি সুযোগ আহিলে গ্ৰহণ কৰিবলৈ নেৰিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায়৷ স্কুলীয়া জীৱনৰ পৰাই খেল-ধেমালিৰ প্ৰতি থকা আগ্ৰহৰ কথা ব্যক্ত কৰি বিশিষ্ট খেলুৱৈ গৰাকীয়ে হাইস্কুলত অধ্যয়ন কৰি থকা সময়তে অবিভক্ত গোৱালপাৰা জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত লক্ষ্ণৌ আৰু দিল্লীত সহ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি বহু বঁটা সহ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
