যোৰহাট, ১৪ নৱেম্বৰ (হি.স.): পুনৰ যোৰহাটত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে। মানসিক বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা হৈছে ।বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ বৰভেঁটা স্থিত বাসগৃহৰ পৰা কিছু নিলগত কালি বিয়লি সংঘটিত হয় এই জঘন্য ঘটনা।দুজন যুৱকে সংঘটিত কৰে এই জঘন্য কাণ্ড।
স্থানীয় ৰাইজে ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াতহে ৰৰৈয়া আৰক্ষী উপস্থিত হয় ঘটনা স্থলীত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আনোৱাৰ আলি আৰু ৰতন বাচ্ফৰ নামৰ যুৱকদ্বয়ক। ইফালে যুৱতী গৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে আৰক্ষীয়ে। জানিব পৰামতে এএছ ০৩ এফ ১০৬৯ নম্বৰৰ এখন অটোত নগৰৰ মাজে মজিয়াৰ পৰা লৈ গৈছিল যুৱতী গৰাকীক ধৰ্ষণকাৰী কেইটাই। এই সমগ্ৰ ঘটনা তীব্ৰ চাঞ্চল্য়ৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
