কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাই তেওঁৰ আগন্তুক ছবি কিছ কিস্কো প্যাৰ কৰু ২ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ ঘূৰি আহিছে। ছবিখনৰ মুক্তিৰ সময় এতিয়াও বাকী থকাৰ সময়তে নিৰ্মাতাসকলে ইয়াৰ প্ৰথমটো গীত “ফুৰ” মুকলি কৰিছে, যিটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।
জোছ ব্ৰাৰ আৰু যো যো হানি সিঙে নিজৰ কণ্ঠ আৰু ৰেপৰে সজাইছে, আনহাতে কপিলৰ শক্তিশালী নৃত্যৰ খোজ আৰু ট্ৰেডমাৰ্ক পাঞ্জাবী শ্বেগে ইয়াক এক নিখুঁত পাৰ্টি গীত কৰি তুলিছে। অনুৰাগীয়ে গীতটোৰ বিট, ভিজুৱেল, কপিলৰ পৰ্দাত উপস্থিতিৰ প্ৰশংসা কৰিছে। গীতটিৰ নৃত্য পৰিচালনা কৰিছে ৰাজিত দেৱ আৰু পৰিচালনা কৰিছে মিহিৰ গুলাতিয়ে। ফুৰত কপিলৰ লগতে পাৰুল গুলতি, আয়েছা খান, আৰু ত্ৰিধা চৌধুৰীয়েও গীতটোত সুন্দৰকৈ চিত্ৰগ্ৰহণ কৰা হৈছে। গীতটো মুকলি কৰাৰ সময়ত কপিল শৰ্মাই লিখিছিল, নাচি বাগি আপোন পাহৰা হবলৈ সাজু হওক। তেওঁৰ এই কেপচনে ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰশংসা লাভ কৰে।
অনুকল্প গোস্বামীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২০১৫ চনৰ ছুপাৰহিট কমেডী কিছ কিছকো প্যাৰ কৰুৰ ছিকুৱেল। নিৰ্মাতাসকলৰ মতে, ছিকুৱেলখনত কমেডী, নাটক আৰু আনন্দ আৰু অধিক মাত্ৰা থাকিব। ২০২৫ চনৰ ১২ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাবলগীয়া কিছ কিছকো প্যাৰ কৰু ২ৰ প্ৰথমটো গীত চোৱাৰ পিছত অনুৰাগীৰ উত্তেজনা ইতিমধ্যে শিখৰত উপনীত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
