পাটনা, ১৪ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ আজি ওলাব ফলাফল। মুঠ ২৪৩খন বিধানসভা আসনৰ বাবে দুটা পৰ্যায়ৰ নিৰ্বাচনৰ জনাদেশৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে। এইবাৰ মুঠ ২৬১৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। ৰাজ্যৰ ৩৮খন জিলাত স্থাপন কৰা ৪৬টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা গণনা আৰম্ভ হ’ব। প্ৰথমে ডাক বেলট গণনা কৰা হ’ব, তাৰ পিছত আধা ঘণ্টাৰ পিছত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ভোট গণনা কৰা হ’ব। মুক্ত আৰু ন্যায্য ভোটগণনা নিশ্চিত কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। গণনা প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তোলা হৈছে।
বিহাৰৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ত উল্লেখ কৰা মতে, ভাৰতীয় নির্বাচন আয়োগৰ নির্দেশ অনুসৰি গণনা কৰা হ’ব ৷ গণনা কেন্দ্ৰসমূহত সুৰক্ষা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ বাবে কঠোৰ প্ৰট’কল স্থাপন কৰা হৈছে। কোনো লোকে গণনা কৰা স্থানত মোবাইল ফোন কঢ়িয়াই নিব নোৱাৰিব।
গণনা প্ৰক্ৰিয়া চিচিটিভি আৰু ভিডিঅ’গ্ৰাফীৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব। এই সময়ছোৱাত এটা কণ্ট্ৰল ৰুম সক্ৰিয় হৈ থাকিব। ৰাজ্যত মুঠ ২৪৩ জন গণনা পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে।
প্ৰতিটো কাউণ্টিং হলত ইভিএমৰ ভোট গণনাৰ বাবে ১৫খন টেবুল থাকে। ১৪খন টেবুলত ইভিএম গণনা কৰা হ’ব। এখন টেবুল এজন সহকাৰী নিৰ্বাচনী বিষয়াই পৰিচালনা কৰিব। সকলো গণনা কেন্দ্ৰতে তিনিটা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম জ’নত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, দ্বিতীয় জ’নত বিহাৰ সামৰিক আৰক্ষী, তৃতীয় জ’নত জিলা আৰক্ষী মোতায়েন কৰা হৈছে।
প্ৰায় সকলো এক্সিট প’লত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ভূমিস্খলন বিজয়ৰ ভৱিষ্যদ্বাণী কৰা হৈছে। কোৱা হৈছে যে এন ডি এয়ে পুনৰবাৰ ব্যাপক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব পাৰে। বিহাৰত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এত জনতা দল-ইউনাইটেড, বিজেপি, লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), হিন্দুস্তান আৱামী মৰ্চা, আৰু ৰাষ্ট্ৰীয় লোক মৰ্চা অন্তৰ্ভুক্ত। কংগ্ৰেছ নেতৃত্বাধীন মহামৰ্চা তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে এন ডি এ। এই নিৰ্বাচনে মহামৰ্চাৰ অংশস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰ ৰাজনৈতিক ভৱিষ্যতো নিৰ্ধাৰণ কৰিব। তেজস্বী লালু আৰু ৰাবৰি দেৱীৰ পুত্ৰ। তেজস্বীৰ মাতৃ ৰাবৰি দেৱীও মুখ্যমন্ত্ৰী হৈ আহিছে।
এই নিৰ্বাচনত ভোটদানৰ হাৰ অধিক (৬৭.১৩ শতাংশ)ৰ বাবে ৰাজনৈতিক সমীকৰণ জটিল হৈ পৰিছে। বিশ্লেষকসকলৰ মতে এইবাৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ ভোটে নিৰ্ণায়ক ভূমিকা ল’ব পাৰে। গভীৰ নিশাৰ ভিতৰত ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত পাটনাত সৰ্বাধিক বিধানসভাৰ আসন আছে, ১৪খন।পাটনাৰ জিলা দণ্ডাধীশ ত্যাগৰাজন এছ এমৰ মতে গণনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তেওঁ কয় যে পাটনা জিলাৰ মকামা আসনৰ ফলাফল প্ৰথমে ঘোষণা কৰা হ’ব, আৰু দীঘা আসনৰ ফলাফল শেষ ঘোষণা কৰা হ’ব। পাটনাৰ এ এন কলেজত এটা গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
