
কামৰূপ, ১৪ নৱেম্বৰ (হি.স.): চোৰাং গৰু আৰু গৰু চোৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে অভিযান। গোপন সূত্ৰৰ পম খেদি হাজো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত যোৱা কালি বৃহস্পতিবাৰে নিশা চলে অভিযান। এই অভিযানৰ সময়ত এখন বলে’ৰো পিকআপ ভেনৰ পৰা জব্দ কৰে ৯টাকৈ চোৰাং গৰু।
চোৰাং গৰু কঢ়িয়াই আনা গাড়ী খনৰ নম্বৰ এএছ ২৫ এফচি ৫৬৫৭ বুলি জনা গৈছে। হাজো আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে দুজনকৈ লোকক। অধিক তথ্যৰ বাবে লোক দুজনক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ঘৰ হাজোকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰপ। এইক্ষেত্ৰত আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
