নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে শুকুৰবাৰে ইয়াৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় দূৰসংযোগ সেৱাৰ হীৰা জয়ন্তী উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ।
উপ-ৰাষ্ট্ৰপতি সচিবালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে ভাৰতীয় দূৰসংযোগ সেৱা স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে এই সমাৰোহৰ আয়োজন কৰা হয়। ১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা এই সেৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক সংগঠিত অসামৰিক সেৱা, যিটো দূৰসংযোগ খণ্ডৰ কাৰিকৰী আৰু পৰিচালনাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিষ্ঠা কৰা হৈছে। সমগ্ৰ দেশতে যোগাযোগ, নেটৱৰ্কিং, তথ্য প্ৰযুক্তি আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণত আইটিএছৰ বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আজাদী কা অমৃত মহোৎসৱৰ মনোভাৱেৰে অনুপ্ৰাণিত হৈ হীৰক জয়ন্তী উদযাপনে ভাৰতৰ দূৰসংযোগ যাত্ৰা আৰু আই টি এছৰ বিষয়াসকলৰ অৱদানক সন্মান জনোৱাৰ সুযোগ প্ৰদান কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
