
নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে নাগালেণ্ডত উপস্থিত হয়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, উপ-মুখ্যমন্ত্ৰী টি.আৰ. জেলিয়াং আৰু অন্যান্য কেবিনেট মন্ত্ৰীসকলে ডিমাপুৰ বিমানবন্দৰত সীতাৰমনক আদৰণি জনায়।
বিত্ত মন্ত্ৰালয়ৰ মতে, সীতাৰমণে ডিমাপুৰ, কিফিৰে, আৰু কোহিমা ভ্ৰমণ কৰি তেওঁৰ উন্নয়নমূলক প্ৰচেষ্টা আৰু ৰাজ্যখনৰ মূল কেন্দ্ৰীয় পদক্ষেপসমূহ পৰ্যালোচনা কৰিব। মন্ত্ৰালয়ৰ মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যায়ন, বিশেষকৈ নাগালেণ্ডৰ আকাংক্ষিত জিলা কিফিৰেত আৰু বিভিন্ন উন্নয়নমূলক ফ্ৰণ্টত কেন্দ্ৰীয় আৰু ৰাজ্যিক সহযোগিতা শক্তিশালী কৰা।
ডিমাপুৰত উপস্থিত হোৱাৰ লগে লগে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক নগা পৰম্পৰাগত কাঠৰ ঢোলৰ বিষয়ে অৱগত কৰে। তেওঁ ইয়াৰ নিৰ্মাণ, সাংস্কৃতিক তাৎপৰ্য্য আৰু সামূহিক জীৱনত ঐতিহাসিক ব্যৱহাৰৰ বিষয়ে ব্যাখ্যা কৰে। নগা কাঠৰ ঢোল হৈছে ইডিয়ফোন, শৰীৰৰ কম্পনৰ মাজেৰে শব্দ উৎপন্ন কৰা বাদ্যযন্ত্ৰ। জনজাতি আৰু অঞ্চলৰ বিভিন্ন নামেৰে পৰিচিত এই কাঠৰ ঢোলে নগা সমাজত এক শ্ৰদ্ধাৰ স্থান দখল কৰিছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক নাগালেণ্ডলৈ আদৰণি জনাই ৰিঅ’ই কয় যে, আমাৰ উন্নয়নমূলক পদক্ষেপ আৰু অৰ্থনৈতিক বিকাশক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ মূল্যৱান অন্তৰ্দৃষ্টি আৰু পথ প্ৰদৰ্শনৰ বাবে আমি আগ্ৰহী। তেওঁৰ নাগালেণ্ডত আনন্দময় ভ্ৰমণৰ কামনা কৰিলোঁ।
हिन्दुस्थान समाचार / অৰৱিন্দ
