শিৱসাগৰ, ১৩ নৱেম্বৰ (হি.স.): ৰাজ্য চৰকাৰক ৰাজহ আৰু কৰ ফাঁকিৰে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ ভাৱে চলাই আহিছে মাটি খননৰ অবৈধ বৃহৎ বেহা ৷ ইয়াৰ মাজতে নাজিৰা উপ-জিলাৰ বিহুবৰৰ বন বিষয়া তপন গগৈৰ সহযোগত যোৱা কালি বুধবাৰে সন্ধিয়া এক অভিযান চলাই নাজিৰা টকৌ আলিত চাৰিখনকৈ অবৈধ মাটিখননৰ লগত জড়িত ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
নাগালেণ্ডৰ পৰা অবৈধভাৱে মাটি কঢ়িয়াই আনিছিল চাৰিখনকৈ ডাম্পাৰে ৷ জব্দ কৃত ডাম্পাৰৰ নম্বৰ ক্ৰমে এআৰ ২২ ৪০৭৭, এএছ ০৪ বিচি ৮৮১২, এনএল ০২ এএ ০৭৯৬ আৰু এএছ ২৮ চি ৮৩৬৬ বুলি জানিব পৰা গৈছে। বিহুবৰ বনবিষয়াৰ সহযোগত জব্দকৃত চাৰিখনকৈ ডাম্পাৰ অৱশেষত নাজিৰা আদৰ্শ আৰক্ষী থানাই জব্দ কৰে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
