দেশ আৰু বিশ্ব উভয়ৰে ইতিহাসত ১৪ নৱেম্বৰৰ তাৰিখটো ভাৰতৰ মহাকাশ অভিযানৰ এক সোণালী অধ্যায় হিচাপে লিপিবদ্ধ হৈ আছে। ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰপৃষ্ঠত পতাকা স্থাপন কৰি ইতিহাস ৰচনা কৰিছিল। এই দিনটো ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান-১ৰ সফলতাৰ প্ৰতীক আছিল।
২০০৮ চনৰ ২২ অক্টোবৰত উৎক্ষেপণ কৰা চন্দ্ৰযান-১ য়ে ২০০৯ চনৰ ৩০ আগষ্টলৈকে চন্দ্ৰৰ প্ৰদক্ষেপ কৰিছিল। এই মহাকাশযানখনত স্থাপন কৰা বিশেষ যন্ত্ৰ মুন ইমপেক্ট প্ৰ’ব (MIP) য়ে ২০০৮ চনৰ ১৪ নৱেম্বৰত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল, চন্দ্ৰপৃষ্ঠত পানীৰ উপস্থিতিৰ প্ৰমাণ বিচাৰি উলিওৱাত এই মুন ইমপেক্ট প্ৰ’ৱ (Moon Impact Probe) সফল হৈছিল, যিটো সেই সময়ত এক বৃহৎ বৈজ্ঞানিক কৃতিত্ব বুলি গণ্য কৰা হৈছিল। আমেৰিকাৰ মহাকাশ সংস্থা নাছাইও এই আৱিষ্কাৰৰ বাবে ভাৰতক প্ৰশংসা কৰে।
চন্দ্ৰযান-১ চন্দ্ৰত উপনীত হ’বলৈ প্ৰায় পাঁচ দিন আৰু চন্দ্ৰ কক্ষপথত নিজকে প্ৰতিষ্ঠা কৰিবলৈ ১৫ দিন সময় লাগিছিল। এই ঐতিহাসিক মহাকাশযানখনৰ কল্পনা কৰিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত বিজ্ঞানী ড° এ.পি.জে. আব্দুল কালামে। তেওঁ ভাৰতে চন্দ্ৰত নিজৰ চিন ৰাখিব লাগে বুলি পৰামৰ্শ দিছিল আৰু ইছৰ’ৰ বিজ্ঞানীসকলে তেওঁৰ সপোনক বাস্তৱত পৰিণত কৰিছিল।
এই অভিযানে ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্যৰ সাক্ষ্য দিয়াই নহয় মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দেশৰ স্থিতিও শক্তিশালী কৰি তুলিছিল। আজিও ১৪ নৱেম্বৰ ভাৰতৰ বাবে গৌৰৱৰ প্ৰতীক হৈয়েই আছে – সেই দিনটো যেতিয়া দেশখনে সঁচাকৈয়ে চন্দ্ৰত ভৰি দিয়ে।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৩৮০ – ফ্ৰান্সৰ ৰজা চাৰ্লছ ১২ বছৰ বয়সত সিংহাসনত আৰোহণ কৰে।
১৬৮১ – ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগক পৃথক ৰাজ্য ঘোষণা কৰে।
১৯২২ – ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন (বিবিচি)-এ ব্ৰিটেইনত ৰেডিঅ’ সেৱা আৰম্ভ কৰে। ই ব্ৰিটেইনত ৰেডিঅ’ সম্প্ৰচাৰ কৰা প্ৰথমটো সংস্থা হিচাপে পৰিগণিত হয়।
১৯৫৫ – ভাৰতত কৰ্মচাৰী ৰাজ্যিক বীমা নিগম প্ৰতিষ্ঠা হয়।
১৯৬৪ চনৰ আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে শিশু দিৱস ঘোষণা কৰা হয়।
১৯৬৯ – এপ’ল’ ১২ উৎক্ষেপণ কৰা হয়। তিনিজন মহাকাশচাৰীৰ সৈতে চন্দ্ৰত উপস্থিত হৈছিল।
১৯৭৩ – ব্ৰিটেইনৰ ৰাজকুমাৰী এন্নে এজন সাধাৰণ মানুহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰজাঘৰত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল।
১৯৯৯ – এমাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ওছামা বিন লাডেনক আমেৰিকা বা তৃতীয় দেশক গতাই নিদিয়াৰ বাবে ৰাষ্ট্ৰসংঘই তালিবানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। কমনৱেলথ সন্মিলনে (ডাৰবান, দক্ষিণ আফ্ৰিকা) পাকিস্তানক নিলম্বন কৰাৰ কথা ঘোষণা কৰে।
২০০২ – চীনৰ ৰাষ্ট্ৰপতি জিয়াং জেমিনে পদৰ পৰা পদত্যাগ কৰে।
২০০৬ – ভাৰত আৰু পাকিস্তানৰ বৈদেশিক সচিবে নতুন দিল্লীত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা স্থাপন কৰিবলৈ সন্মত হয়।
২০০৭ – ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী এণ্ডাৰছ ফগ ৰাছমুচেনে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে।
২০০৮ – আজিৰ দিনটোতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা অজিত পাঞ্জাৰ মৃত্যু হয়।
২০০৮ – চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰে মুন ইমপেক্ট প্ৰ’ব।
২০০৮ – ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সামৰণি পৰে।
২০০৯ – জয়পুৰৰ বানচখো গেটৰ সমীপত মন্দোৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰেলৰ পোন্ধৰটা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাত ৬ যাত্ৰীৰ মৃত্যু হয়।
জন্ম-
১৮৮৯ – আজিৰ দিনটোতে জৱাহৰলাল নেহৰু – ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী।
১৯২২ – বৌট্ৰছ ঘালি – ৰাষ্ট্ৰসংঘৰ ষষ্ঠ সচিব প্ৰধান।
১৯২৬ – পিলু মোডী – স্বতন্ত্ৰ পাৰ্টিৰ বিশিষ্ট নেতা আৰু ভাৰতৰ উদাৰ আৰু মুক্ত অৰ্থনৈতিক নীতিৰ সমৰ্থক।
১৯৪২ – ইন্দিৰা গোস্বামী – অসমীয়া সাহিত্যৰ এগৰাকী শক্তিশালী ব্যক্তিত্ব।
১৯৪৮ – দ্বিতীয় ৰাণী এলিজাবেথ আৰু ৰাজকুমাৰ ফিলিপৰ জ্যেষ্ঠ পুত্ৰ ৰাজকুমাৰ চাৰ্লছ।
১৯৯২ – অমিয়া কুমাৰ মালিক – ভাৰতীয় স্প্ৰিণ্টাৰ।
১৯৯৩ – বিকাশ ঠাকুৰ – ভাৰতীয় ভাৰোত্তোলক।
১৯৪৬ – পুখৰাজ বাফানা – ভাৰতীয় চিকিৎসক, শিশু চিকিৎসক আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰামৰ্শদাতা।
১৯৪৮ – সিন্ধুতাই সাপকাল – অনাথ শিশুৰ বাবে কাম কৰা মাৰাঠী সমাজকৰ্মী।
মৃত্যু-
১৯৬৭ – চি.কে. নাইডু – ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট অধিনায়ক।
১৯৭৭ – ভক্তিবেদান্ত স্বামী প্ৰভুপাদ – প্ৰখ্যাত গৌড়ীয় বৈষ্ণৱ গুৰু আৰু প্ৰচাৰক।
২০০৮ – অজিত পাঞ্জা – প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ নেতা।
২০১০ – লক্ষ্মীচন্দ জৈন – প্ৰখ্যাত ভাৰতীয় অৰ্থনীতিবিদ।
২০১১ – শৰদ কুমাৰ দীক্ষিত – ভাৰতীয় মূলৰ আমেৰিকান প্লাষ্টিক চাৰ্জন।
২০১৩ – হৰিকৃষ্ণ দেৱসাৰে, প্ৰখ্যাত শিশু সাহিত্যিক আৰু সম্পাদক।
২০২১ – সত্যব্ৰত শাস্ত্ৰী – সংস্কৃত পণ্ডিত আৰু গুৰুত্বপূৰ্ণ বৌদ্ধিক সাহিত্যিক।
গুৰুত্বপূৰ্ণ দিন-
-শিশু দিৱস
-ৰাষ্ট্ৰীয় গ্ৰন্থ দিৱস (সপ্তাহ)
-বিশ্ব ডায়েবেটিছ দিৱস
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
