লক্ষ্ণৌ, ১২ নৱেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বুধবাৰে লক্ষ্ণৌত এফ আই এইচ হকী পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২৫ৰ ট্ৰফীক আদৰণি জনায়। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে ট্ৰফীৰ লক্ষ্ণৌত উপস্থিত হোৱাটো সমগ্ৰ ৰাজ্যৰ বাবে গৌৰৱ আৰু উত্তেজনাৰ মুহূৰ্ত। হকীলৈ উত্তৰ প্ৰদেশৰ অৱদান অবিস্মৰণীয় আৰু এই ট্ৰফীয়ে সেই গৌৰৱময় পৰম্পৰাৰ সোঁৱৰণী।
হকী কিংবদন্তি মেজৰ ধ্যান চান্দক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মেজৰ ধ্যান চান্দে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ভাৰতীয় হকীৰ পতাকা উত্তোলন কৰিছিল। তেওঁৰ নেতৃত্বত ভাৰতে তিনিখন অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে। তেওঁৰ স্মৃতিত মীৰুটত মেজৰ ধ্যানচান্দ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম চলি আছে, যাৰ প্ৰথম অধিবেশন চলিত বৰ্ষৰ পৰা আৰম্ভ হৈছে।
তেওঁ কয় যে উত্তৰ প্ৰদেশ হকী হাব হৈ আহিছে। কে ডি সিং বাবু, মহম্মদ শ্বাহিদ, অশোক কুমাৰ, ৰবীন্দ্ৰ পাল, চৈয়দ আলী, সুজিত কুমাৰ, আব্দুল আজিজ, দেৱেশ চৌহান, ললিত উপাধ্যায়, দনিশ মুতাজবা, ৰাজকুমাৰ পালৰ দৰে খেলুৱৈয়ে দেশক গৌৰৱান্বিত কৰিছে। বাৰাবংকিত কে ডি সিং বাবুৰ বাসগৃহটো সংগ্ৰহালয় হিচাপে গঢ়ি তোলাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।
যোগীয়ে কয় যে আজিও উত্তৰ প্ৰদেশৰ পৰা ৰাজকুমাৰ পাল, উত্তম সিং, বিষ্ণুকান্ত সিং, মুমতাজ, সাক্ষী, জ্যোতি, পূৰ্ণিমাকে ধৰি বহু খেলুৱৈয়ে ছিনিয়ৰ আৰু জুনিয়ৰ ভাৰতীয় দলৰ বাবে নিৰ্বাচিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
মুখ্যমন্ত্ৰী যোগীয়ে ট্ৰফী লৈ অহা এফ আই এইচ আৰু হকী ইণ্ডিয়াৰ প্ৰতিনিধি সকলক আদৰণি জনাই জুনিয়ৰ হকী বিশ্বকাপ ২০২৫ৰ সফল কামনা কৰে।তেওঁ কয় যে এইবাৰ ভাৰতীয় দলটোৱে ঘৰুৱা মাটিত তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰাৰ লক্ষ্যৰে খেলপথাৰত প্ৰৱেশ কৰিব। অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদৱ, ক্ৰীড়া বিভাগৰ সম্পাদক সুহাছ এল ৱাই ভি, হকী ইণ্ডিয়াৰ সাধাৰণ সম্পাদক ভোলানাথ সিং,কে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে এফ আই এইচ হকী পুৰুষ জুনিয়ৰ বিশ্বকাপ ২০২৫ অহা ২৮ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ তামিলনাডুৰ চেন্নাই আৰু মাদুৰাইত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে ভাৰত, অষ্ট্ৰেলিয়া, বেলজিয়াম, স্পেইন, নিউজিলেণ্ড, জাপান, চিলি, কানাডাকে ধৰি ২৪টা দলে অংশগ্ৰহণ কৰিব।
—————
हिन्दुस्थान समाचार / অৰৱিন্দ
