ওদালগুৰি, ১১ নৱেম্বৰ (হি.স.): কলাইগাঁও ৰাস মহোৎসৱত যোৱা কালি সোমবাৰে সন্ধিয়া উপস্থিত হয় ওদালগুৰি-দৰং লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। তেওঁ লগতে “জিলা উদ্যম সমাগম”ৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে।
এই উদ্যোগৰ লক্ষ্য স্থানীয় উদ্যমীসকলক উৎসাহিত কৰি আত্মনিৰ্ভৰ উদ্যোগৰ দিশে আগুৱাই নিয়া। উদ্বোধনী অনুষ্ঠানত সাংসদ শইকীয়াই ৰাজ্যৰ অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত স্থানীয় উদ্যোগ আৰু যুৱসমাজৰ ভূমিকা উল্লেখযোগ্য বুলি মন্তব্য কৰে।অনুষ্ঠানত বিভিন্ন বিভাগৰ চৰকাৰী প্ৰতিনিধি, উদ্যোগপতি আৰু স্থানীয় ৰাইজ সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
