
যোৰহাট, ১০ নৱেম্বৰ (হি.স.)। যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বলমা চাৰি আলিৰ সমীপত যোৱা কালি দেওবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দূৰ্ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হয়। ইয়াৰ উপৰি আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।মৃত যুৱক জন মুদৈজান ভৰলুৱা গাঁৱৰ হৰিদেৱ বৰা বুলি পৰিচয় পোৱা গৈছে।
মুদৈজান ভৰলুৱা গাঁৱৰ তিনি যুৱক ক্ৰমে হৰিদেৱ বৰা, বিনোদ বৰা আৰু বাস্তৱ বৰাই ঘৰৰ পৰা সন্ধিয়া এ এচ ০৩ এ কে ১৯৮৩ নম্বৰৰ মটৰ চাইকেল খনেৰে লাহিং অঞ্চলৰ এখন ৰাস উপভোগ কৰিবলৈ বুলি গৈ থকা অৱস্থাত বলমা চাৰি আলিৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে। দূৰ্ঘটনাত হৰিদেৱ বৰা নামৰ যুৱক জনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।
আহত যুৱক দুজনৰ এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
